/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/47e0529e-fad8-42a4-ae8e-9cc3df435306/2026.jpg)
ডিজিটেল সংবাদ,মুছলপুৰ : বাক্সা জিলা মহিলা আৰু শিশু বিকাশ কেন্দ্ৰৰ উদ্যোগত পুষ্টিহীনতা সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী। শিশুৰ পুষ্টিহীনতা দূৰ কৰি শিশু এটিক সুস্থ-সবল কেনেকৈ কৰিব পাৰি,শিশুৰ বিকাশ কেনেদৰে সম্ভৱপৰ হৈ উঠে, অনগ্ৰসৰ অঞ্চলৰ লোকেও যাতে শিশুৰ পুষ্টিৰ ওপৰত গুৰুত্ব দিয়ে এনেবোৰ দিশ সামৰি চুপাৰভাইজাৰসকলক প্ৰশিক্ষণ দিয়া হয়।
এই উদ্দেশ্য বাক্সা জিলাৰ মুছলপুৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা প্ৰশিক্ষণৰ শুকুৰবাৰে সামৰণি পৰে । উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা ইউনিচেফৰ বাক্সা জিলা মহিলা আৰু শিশু বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু বাক্সা জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত উক্ত কৰ্মশালাখন আয়োজন কৰা হয়।
উক্ত প্ৰশিক্ষণ কৰ্মশালাত বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ বৰ্মন, জিলা সমাজ কল্যাণ বিষয়া সীমান্ত প্ৰদীপ চৌধুৰী, ইউনিচেফৰ পুষ্টি পৰামৰ্শদাতা চানদ্বীপ শ্বেখ, প্ৰাৰ্থনা সোণোৱালকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আজিৰ এই কাৰ্যসূচীত জিলাখনৰ চুপাৰভাইজাৰসকলৰ উপৰি পোষণ, চি দি পি দলকে ধৰি কেবাটাও শিশু উন্নয়নমূলক দলৰ সদস্য উপস্থিত থাকে ৷
Also Read: জীৱন নাট সামৰি অজান দেশলৈ গ’ল প্ৰাক্তন ডব্লিঅ’ ডব্লিঅ’ ই চেম্পিয়ন ব্ৰে' ৱায়াট