ভাৰতীয় ষ্টেট বেংকৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন

ভাৰতীয় ষ্টেট বেংকৰ অধীনস্থ চি.এচ. পি শাখা সমূহৰ বিষয়া-কৰ্মচাৰী সকলৰ মাজত দক্ষতা বিকাশ আৰু গ্ৰাহক সেৱাৰ সন্দৰ্ভত এটি প্ৰশিক্ষণ শিৱিৰ সম্পন্ন হয়
ভাৰতীয় ষ্টেট বেংকৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন

ডিজিটেল সংবাদ,বেবেজীয়া: শনিবাৰে নগাঁও জিলা সাহিত্য সভা ভৱনত দিনযোৰা এক কাৰ্যসূচীৰে ভাৰতীয় ষ্টেট বেংকৰ অধীনস্থ চি.এচ. পি শাখা সমূহৰ বিষয়া-কৰ্মচাৰী সকলৰ মাজত দক্ষতা বিকাশ আৰু গ্ৰাহক সেৱাৰ সন্দৰ্ভত এটি প্ৰশিক্ষণ শিৱিৰ সম্পন্ন হয় ৷ আজি পুৱা ১১ বজাৰ পৰা আৰম্ভ হোবা এই চি.এচ. পি বিষয়া-কৰ্মচাৰী সকলৰ মাজত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰটি মুকলি কৰে ভাৰতীয় ষ্টেট বেংকৰ আঞ্চলিক ব্যৱসায়ী কাৰ্যালয় শাখা নগাঁৱৰ সহকাৰী প্ৰৱন্ধক ৰঞ্জিত কুমাৰ দত্তই ৷

উক্ত অনুষ্ঠানটিত প্ৰশিক্ষক হিছাপে উপস্থিত থাকি চি.এচ.পি বিষয়া-কৰ্মচাৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে- উত্তৰ-পূৱ ভাৰতৰ এভাৰগ্ৰীণ ডি.এছ.এল এছবিআই চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া তথা মুখ্য পৰিচালন সঞ্চালক হবিবুৰ ৰহমান,এভাৰগ্ৰীণ ডিএছএলৰ ৰাজ্যিক বিষয়া চামিউল দিৱান আলি,ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰৱন্ধক মৃদুল গগৈ আদিয়ে ৷ প্ৰশিক্ষণ শিবিৰটিত নগাঁও-মৰিগাঁও-হোজাই-কাৰ্বি আংলং জিলাৰ প্ৰায় দুই শতাধিক চি.এছ.পিৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷

আৰু পঢ়ক: সাহিত্যিক পেঞ্চন প্ৰাপক ডা০ বিদ্যেশ্বৰ দলেক সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in