ৰঙিয়াত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ...

নিৰ্বাচনী বিষয়া নীলহৰিৎ কৌশিকৰ অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ...

ৰঙিয়াত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ...

ডিজিটেল সংবাদ ৰঙিয়াঃ ৪নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া-কমলপুৰ সমষ্টিৰ ৪ জুনত হ'বলগীয়া ভোট গণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ভোটগণনাৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ আজি প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হয়। প্ৰশিক্ষণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি নিৰ্বাচনী বিষয়া নীলহৰিৎ কৌশিকে ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য আগবঢ়ায় ।

Advertisment

তদুপৰি নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোট গণনাৰ বিভিন্ন বিধি আদিৰ বিষয়ে প্ৰশিক্ষণ গ্ৰহণকাৰীসকলক অৱগত কৰাৰ লগতে তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। ইফালে প্ৰশিক্ষণৰ সময়ত মাষ্টাৰ ট্ৰেইনাৰ হিচাপে উপস্থিত থকা মনোজ কুমাৰ সিনহা পাৱাৰপইন্ট প্ৰেজেনটেচনৰ জৰিয়তে কাউণ্টিং চুপাৰভাইজাৰ, কাউণ্টিং এছিছটেন্ট আৰু মাইক্ৰ' অবজাৰভাৰৰ লগতে বিষয়া-কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়ে।

মহকুমাধিপতি কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা ৪ বজালৈ দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীত ১২০ গৰাকী বিষয়া- কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। পৰৱৰ্তী ভোট গণনাৰ দ্বিতীয় প্ৰশিক্ষণ কাৰ্যসূচী ১ জুনত অনুষ্ঠিত হ'ব।

আজিৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত নিৰ্বাচনী বিষয়া নীলহৰিৎ কৌশিক, কমলপুৰৰ চক্ৰ বিষয়া বিক্ৰমজিৎ বৰা, সহকাৰী আয়ুক্ত কৃতাঞ্জলী কাশ্যপ, জিলি ঠাওচেনকে ধৰি ৰঙিয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মনোজ কুমাৰ সিনহা, সহকাৰী অধ্যাপক বিমল দাসৰ লগতে মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

Also Read: নগাঁৱত ধুমুহা-বতাহত ১৩০ খন গাঁৱৰ ৯০০ গৃহৰ ক্ষতি সাধন...

লোকসভা নিৰ্বাচন ৰঙিয়া