নগাঁৱত ধুমুহা-বতাহত ১৩০ খন গাঁৱৰ ৯০০ গৃহৰ ক্ষতি সাধন...

মঙ্গলবাৰে নগাঁৱত সৰ্বাধিক বিক্ৰী হ'ল মমবাতি
নগাঁৱত ধুমুহা-বতাহত ১৩০ খন গাঁৱৰ ৯০০ গৃহৰ ক্ষতি সাধন...
নগাঁৱত ধুমুহা-বতাহত ১৩০ খন গাঁৱৰ ৯০০ গৃহৰ ক্ষতি সাধন...

ডিজিটেল সংবাদ নগাঁও: সাগৰীয় ঘূৰ্ণি বতাহ ৰীমালৰ প্ৰভাৱত নগাঁও জিলাত হোৱা ধুমুহা-বৰষুণত বিস্তৰ ক্ষতি হৈছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সূত্ৰই জনোৱা মতে ধুমুহা -বতাহত জিলাখনৰ ৭ টা ৰাজহ চক্ৰৰ ১৩০ খন গাঁৱৰ ক্ষতিসাধন হৈছে।

ইয়াৰে কলিয়াবৰ ৰাজহ চক্ৰত ২২খন ,ধিং ৰাজহ চক্ৰত ১০ খন, কামপুৰত ১৮খন, ৰূপহীত ২৬ খন, নগাঁও সদৰত ২০খন চামগুৰিত ১৮ খন আৰু ৰহা ৰাজহ চক্ৰত ১৬খন গাঁৱৰ ক্ষতিসাধন হৈছে। এই সকলো গাঁও মিলাই মুঠ ১৭২২ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে।

আনহাতে ৯ শতাধিক আবাস গৃহৰ ক্ষতিসাধন হোৱাৰ লগতে কেইবাখনো শিক্ষানুষ্ঠান,ধৰ্মীয় অনুষ্ঠান, বিদ্যুতৰ খুঁটা আদিৰো ক্ষতিসাধন হৈছে। বিদ্যুতৰ এই ক্ষতিৰ বাবে জিলাখনৰ অধিকাংশ এলেকাৰ বিদ্যুতৰ যোগান কালি পুৱাৰে পৰা আজি দুপৰীয়ালৈকে ব্যাহত হৈ থাকে।

ফলত জিলাখনৰ ৰাইজে দুৰ্ভোগ ভূগিবলগা হয়। মঙ্গলবাৰে জিলাখনত মমবাতিৰ বিক্ৰী সৰ্বাধিক হয়। জানিব পৰা মতে নগাঁও চহৰত মমবাতিৰো নাটনি হয়। বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীৰ তৎপৰতাত আজি বিদ্যুতৰ যোগান প্ৰায় নিয়মীয়া হয়।

অৱশ্যে বিদ্যুতৰ লুকা -ভাকু আজিও অব্যাহত আছে। বিশুদ্ধ খোৱা পানীৰ বাবে চহৰবাসীৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় । জনস্বাস্হ্য কাৰিকৰী বিভাগ আৰু নগাঁও পৌৰসভাই চহৰখনৰ বিভিন্ন স্হানত খোৱাপানী যোগান ধৰে ৰাইজক ।

নগাঁৱত ধুমুহা-বতাহত ১৩০ খন গাঁৱৰ ৯০০ গৃহৰ ক্ষতি সাধন...
INDIA ৰ চৰকাৰ গঠন হ'লে মাফ কৰিব কৃষকৰ ঋণঃ পঞ্জাৱত প্ৰতিশ্ৰুতি দিলে ৰাহুলে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in