/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/cbb23159-fb7e-45af-861c-87da237bbd95/339.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া : ৪নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া-কমলপুৰ সমষ্টিৰ ৪ জুনত হ'বলগীয়া ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ভোটগণনাৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ শনিবাৰে দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সামৰণি পৰে । প্ৰশিক্ষণৰ সময়ত উপস্থিত থাকি মহকুমাধিপতি দেৱাশীষ গোস্বামীয়ে ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য আগবঢ়ায় ।
তদুপৰি নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটগণনাৰ বিভিন্ন বিধি আদিৰ বিষয়ে প্ৰশিক্ষণ গ্ৰহণকাৰীসকলক অৱগত কৰে। লগতে তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । ইফালে প্ৰশিক্ষণৰ সময়ত মাষ্টাৰ ট্ৰেইনাৰ হিচাপে উপস্থিত থকা মনোজ কুমাৰ সিনহাই পাৱাৰপইন্ট প্ৰেজেনটেশ্বনৰ জৰিয়তে কাউন্টিং চুপাৰভাইজাৰ,কাউন্টিং এছিছটেন্ট আৰু মাইক্ৰ অবজাৰভাৰৰ লগতে বিষয়া -কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়ে ।
মহকুমাধিপতি কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীত ১২০ গৰাকী বিষয়া- কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে । এই প্ৰশিক্ষণত মহকুমাধিপতি দেৱাশীষ গোস্বামী,নিৰ্বাচনী বিষয়া নীলহৰিৎ কৌশিক, কমলপুৰৰ চক্ৰ বিষয়া বিক্ৰমজিৎ বৰা, ইভিএম নিৰীক্ষক অৰ্পিতা দত্ত মজুমদাৰ, সহকাৰী আয়ুক্ত কৃতাঞ্জলী কাশ্যপ, জিলি ঠাওচেন উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/087d2fa7-e47c-4fcf-955e-2d3486c12b0b/37cca0d3-0301-45bd-b626-2a04f7b1dc2b.jpg)
ইয়াৰোপৰি ৰঙিয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মনোজ কুমাৰ সিনহা, সহকাৰী অধ্যাপক বিমল দাসৰ লগতে মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
Also Read: বোকাখাতত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ৰাইজৰ অভিযান...