কৃষ্ণাইঘাট গাঁৱত কৃষক ৰাইজৰ উপস্থিতিত মাহ জাতীয় শস্যৰ বৈজ্ঞানিক বীজ ৰোপণৰ প্ৰশিক্ষণ

কৃষ্ণাইঘাট গাঁৱত কৃষক ৰাইজৰ উপস্থিতিত মাহ জাতীয় শস্যৰ বৈজ্ঞানিক বীজ ৰোপণৰ প্ৰশিক্ষণ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি "বিশ্ব মাহ-জাতীয় শস্য দিৱস"। সমগ্ৰ বিশ্বত ২০১৯ বৰ্ষৰ পৰা ১০ ফেব্ৰুৱাৰী দিনটো "বিশ্ব মাহ-জাতীয় শস্য দিৱস"(world pulses day)হিচাপে উদযাপন কৰি অহা হৈছে।

তদুপলক্ষে আজি গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি-২০২৩ (Rural Agricultural Work Experience Programme,RAWEP-2023) অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ, কৃষি মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে নগাঁও জিলাৰ কৃষ্ণাইঘাট গাঁৱত বিভিন্ন কাৰ্য্যসূচীৰে বিশ্ব মাহ-জাতীয় শস্য দিৱস উদযাপন কৰে। কৃষ্ণাইখাট প্ৰাথমিক বিদ্যালয়ত অৰ্পণ লাহনে আঁত ধৰা বিশ্ব মাহ-জাতীয় শস্য দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোৰ আৰম্ভণিতে বিদ্যালয় খনৰ প্ৰধান শিক্ষক চন্দ্ৰকান্ত শইকীয়া আৰু গাঁৱখনৰ প্ৰগতিশীল কৃষক সকলক সম্বৰ্ধনা জনোৱা হয়।

ইয়াৰ পাছতে উপস্থিত কৃষক ৰাইজৰ সন্মুখত মাহ জাতীয় শস্যৰ প্ৰয়োজনীয়তা, উপকাৰিতা, আধুনিক প্ৰযুক্তিৰ প্ৰয়োগ, নতুন প্ৰণালী, অসমৰ মাটি, জলবায়ুত খাপ খাব পৰা বিভিন্ন আধুনিক মাহ শস্যৰ জাত, সাৰৰ ওপৰত বৈজ্ঞানীক ব্যাখ্যা দাঙি ধৰে সত্যব্ৰত হাজৰিকাই। তাৰপাছতে মাহজাতীয় শস্যৰ পৰিপুষ্টিৰ উপৰত বক্তব্য দাঙি ধৰে মিনাক্ষী মালি, বিলভালক্ষ্মী দত্ত আৰু ইমন গায়নে।

কৃষ্ণাইঘাট গাঁৱত শতাধিক কৃষক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যসূচীৰ শেষত মাহ জাতীয় শস্যৰ বৈজ্ঞানিক পদ্ধতিত বীজ ৰোপণৰ এক প্ৰশিক্ষণো দিয়া হয় বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in