লামডিঙত অব্যাহত আছে ৰে'ল শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

যদি মন্ত্ৰী-বিধায়কসকলে পেঞ্চন লাভ কৰে, তেনেহ'লে ৰে'ল কৰ্মচাৰীসকলক পেঞ্চন পৰা কিয় বঞ্চিত কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে
লামডিঙত অব্যাহত আছে ৰে'ল শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ,লামডিং : নতুন পেঞ্চন নীতি প্ৰৱৰ্তনৰ বিৰোধিতা কৰি আজি তৃতীয় দিনা লামডিং ৰে'লৱে মণ্ডলীক প্ৰবন্ধকৰ কাৰ্য্যালয়ৰ সন্মুখত কর্মচাৰীসকলে ধাৰাবাহিক অনশন কাৰ্যসূচী অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰৰ নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে চলোৱা এই অনশন কাৰ্যসূচী ১১ জানুৱাৰীলৈকে চলি থাকিব বুলি জনায়।

ৰে'ল শ্ৰমিক সংগঠন দুটাৰ নেতৃত্বই জনোৱামতে মোদী চৰকাৰে ৰে'ল শ্ৰমিকসকলৰ এই দাবী যদি মানি নলয়, তেনেহ'লে আগন্তুক নিৰ্বাচনত চৰকাৰক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ লগতে ৰে'ল অৱৰোধ কৰি সকলো যাতায়ত ব্যৱস্থা বন্ধ কৰিব বুলি হুংকৰ প্ৰদান কৰে। যদি মন্ত্ৰী-বিধায়কসকলে পেঞ্চন লাভ কৰে, তেনেহ'লে ৰে'ল কৰ্মচাৰীসকলক পেঞ্চন পৰা কিয় বঞ্চিত কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে।

২০০৪ চনৰ পৰা কৰ্মচাৰী অৱসৰ হ'লে পেঞ্চন বঞ্চিত কৰা এই নীতিক কোনোপধ্যেই মানি নলয়। পৰৱৰ্তী সময়ত ইয়াতকৈও ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি লামডিং ৰে'লৱে শ্ৰমিক সংগঠন এমপ্লয়িজ ইউনিয়ন আৰু মজদুৰ ইউনিয়নে জনায়।

লামডিঙত অব্যাহত আছে ৰে'ল শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলত পৰিল ট্ৰাক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in