নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলত পৰিল ট্ৰাক

কাৰ্বি আংলং জিলাৰ লাংহিনৰ স্বৰগাঁঠি দলঙত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলত পৰিল ট্ৰাক

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ লাংহিনৰ স্বৰগাঁঠি দলঙত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে AS-02-E-5822 নম্বৰযুক্ত এখন ১২ চকীয়া ট্ৰাকে ফুলনি দিশৰ পৰা ডবকা অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই স্বৰগাঁঠি দলঙত খুন্দা মাৰে আৰু দলঙৰ তলত বাগৰি পৰে।

Advertisment

আনহাতে উক্ত দুৰ্ঘটনাৰ খবৰ লাভ কৰাত ডকমকা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ট্ৰাক চলকজনক ততাতৈয়াকৈ ডকমকা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে বাতৰি লিখা পৰলৈকে আহত চালকজনৰ নাম আৰু ঠিকনা সন্দৰ্ভত জানিব পৰা হোৱা নাই।

Also Read: মৰিগাঁৱত স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ফাদিল : একে দিনাই ১৪খন ভুৱা ফাৰ্মাচী ছীল

Karbi Anglong Police Truck