ডিজিটেল সংবাদ, জামুগুৰিহাট : ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেবানন্দ দেউৰী আৰু চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত চলা এক অভিযানত মঙলবাৰে বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে এই অভিযানত ১০ টা ড্ৰগছভৰ্তি কন্টেইনাৰ জব্দ কৰে।
জানিব পৰা মতে AS-12 -AE-1589 নম্বৰৰ পালচাৰ বাইকত অহা গুলজাৰ হুছেইন (৩৫) আৰু আজিজুল ইছলাম (২২) নামৰ দুজন সৰবৰাহকাৰীৰ পৰা নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰাৰ লগতে দুয়োকে আটক কৰে আৰক্ষীৰ দলটোৱে ৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে চতিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ইটাখোলা আৰক্ষীৰ সহযোগত বাইকৰে পলায়ন কৰিব খোজা সৰবৰাহকাৰী দুটাক আটক কৰিবলৈ সক্ষম হয় ৷
আটকাধীন যুৱক দুজনৰ ঘৰ তেজপুৰ দোলাবাৰীত বুলি জানিব পৰা গৈছে ৷