ডিজিটেল সংবাদ, কলিয়াবৰ : আজিৰ জ্যেষ্ঠসকলে পৃথিৱীৰ পৰিবৰ্তন দেখাৰ সৌভাগ্য ঘটিছে। আমি নিজে দেখি অহা নৈ, পাহাৰ , ঘন জংঘলবোৰ পাছৰ প্ৰজন্মই দেখিবলৈ পাব নে নাই এতিয়াই কোৱা টান।- কলিয়াবৰত মঙলবাৰে এই মন্তব্য প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰী তথা বিশিষ্ট সাহিত্যিক গুণীন হাজৰিকাই ।
কলিয়াবৰ শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত আৰু নাগশংকৰ, সৰুভগীয়া গাঁৱৰ ৰাইজৰ সহযোগত টি আও ষ্টেডিয়ামৰ সভাকক্ষত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে মুকলি সভাৰ আয়োজন কৰা হয়। দিগবীৰ কাৰ্কীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথিৰ ভাষণ দিয়ে কেবিনেট মন্ত্ৰী কেশৱ মহন্তই ।
ভাষণ প্ৰসংগত তেওঁ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয় নিৰ্মাণৰ উদ্দেশ্যে ৫লাখ টকাৰ অনুদান আগবঢ়াৱা কথা ঘোষণা কৰে । সম্পাদক নবীন বৰঠাকুৰৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভ খনিত আদৰণী ভাষণ দিয়ে অভ্যৰ্থনা সমিতিৰ সভাপতি বেদানন্দ ভাগৱতীয়ে।
সভাখনত জ্যেষ্ঠ নাগৰিকদ্বয় ক্ৰমে ধৰণীধৰ পাঠক আৰু বিশিষ্ট শিল্পী জগন্নাথ মহন্তক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। সভাত ডাঃ কনক চন্দ্ৰ বসুমতাৰী আৰু মহকুমাৰ ন্যায়িক দণ্ডাধীশ অভিযত বৰাও উপস্থিত থাকে। পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কৰে দিকবীৰ কাৰ্কী আৰু গোলাপ ভাগৱতীয়ে।