৯ আৰু ১০ মে’ত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা…

৯ আৰু ১০ মে’ত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা…

author-image
asomiyapratidin
New Update
৯ আৰু ১০ মে’ত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা…

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পূৰ্বে উপ-আৰক্ষী আয়ুক্ত, যান-বাহন শাখাই এক প্ৰেছ বিবৃত্তিযোগে যান বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা জাৰি কৰে।

Advertisment

তলত সৱিশেষ উল্লেখ কৰা হ'ল-

১)অহা ৯মে, ২০২২ৰ পুৱা ৪ বজাৰ পৰা নিশা ৯ বজালৈ আৰু ১০ মে, ২০২২ পুৱা ৪ বজাৰ পৰা নিশা ১০ বজালৈ গুৱাহাটী মহানগৰৰ অন্তৰ্গত ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি চকাযুক্ত বা তাতোধিক চকামুক্ত বাণিজ্যিক বাহন সমূহ চলাচল কৰিব নোৱাৰিব।

২) অহা ৯মে আৱেলি ৪ বজাৰ পৰা নিশা ৯ বজালৈ সকলো ধৰণৰ বানিজ্যিক বাহন (লঘূ, মধ্যম আৰু গধুৰ) দি.জি. ৰোড, এটি ৰোড, এম. জি. ৰোড, তইবুল্লাহ ৰোড, জি এন বি ৰোড, বৰুৱা ৰোড আৰু জি এছ ৰোডত চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে ।

৩) অহা ১০ মে ২০২২ তাৰিখে পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ সকলো ধৰণৰ লঘু, মধ্যম বা গধূৰ বাণিজ্যিক যানবাহন সমূহ বি বৰুৱা ৰোড, বি কে কাকতি ৰোড আৰু জি. এন বিৰোডত চলাচল কৰিব নোৱাৰি।

৪) অহা ১০ মে, ২০২২ পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ সকলো ধৰণৰ লঘু, মধ্যম বা গধূৰ বাণিজ্যিক বাহন জি এচ ৰোড আৰু পাঞ্জাবাৰী ৰোডত চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্রদান কৰা হৈছে।

আৰু পঢ়ক: পুখুৰীত গা ধুব গৈ দুই ছাত্ৰৰ কৰুণ মৃত্যু…

assam traffic amit shah Assam police