পুখুৰীত গা ধুব গৈ দুই ছাত্ৰৰ কৰুণ মৃত্যু…

পুখুৰীত গা ধুব গৈ দুই ছাত্ৰৰ কৰুণ মৃত্যু…

ডিজিটেল সংবাদ, তিনিচুকীয়া':- পুখুৰীত গা ধুব গৈ তিনিচুকীয়া জিলাৰ পানীতোলা বৰুৱাহোলা অঞ্চলৰ দুই স্কুলীয়া ছাত্ৰৰ সলিল সমাধি হোৱাৰ এক খবৰে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ।

জানিব পৰা মতে বৰুৱাহোলা খাটচুক ২ নং বালিজান গাঁৱৰ বাসিন্দা বাবুল বৰুৱা আৰু সোণমনি বৰুৱাৰ এঘাৰ বছৰীয়া পুত্ৰ আৰু অলক ফুকন আৰু পুষ্পাঞ্জলী ফুকনৰ ন বছৰীয়া পুত্ৰই শনিবাৰে বিয়লি প্ৰায় আঢ়ৈ বজাত একেলগে খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ।

সন্ধ্যালৈ দুয়ো ঘৰ আহি নোপোৱাত দুয়োটা পৰিয়ালৰ মাজত হুৱা-দুৱা লাগে আৰু দুয়োকে বিচাৰ-খোচাৰ কৰি থাকোতে গাঁৱৰে এটা পুখুৰীৰ পাৰত তেওঁলোকে পৰিধান কৰা চেন্দেল প্ৰত্যক্ষ কৰে । তেতিয়া নিশা প্ৰায় ৭-৩০ বাজিছিল । সন্দেহবশত পৰিয়ালৰ লগতে স্থানীয় গাঁওবাসীয়ে পুখুৰীটো পৰ্যবেক্ষন কৰি দুই কিশোৰৰ মৃতদেহ দুটা দেখা পায় ।যাৰ বাবে দুয়ো পুখুৰীটোত নামি গা ধোৱা বুলি ধাৰণা কৰা হৈছে ।

ইয়াকে লৈ পৰিয়াল দুটাৰ লগতে গাঁওবাসীৰ মাজত কান্দোনৰ ৰোল উঠে । স্কুলৰ পৰা আহি খেলিবলৈ বুলি ওলাই যোৱা দুই কিশোৰৰ অকাল মৃত্যুত ভাগি পৰিছে দু্য়োটা পৰিয়াল । উল্লেখ্য যে দুই কিশোৰ স্থানীয় বৰুৱাহোলা উচ্চ মাধ্যমিক বিদ্যালয়ত ক্ৰমে সপ্তম আৰু চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি আছিল । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰোৱায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in