কাজিৰঙা অৰ্কিড উদ্যানত বস্ত্ৰ আৰু গহনাৰ সংগ্ৰহালয় মুকলি

কাজিৰঙা অৰ্কিড উদ্যানত বস্ত্ৰ আৰু গহনাৰ সংগ্ৰহালয় মুকলি

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত নতুন সংযোজন বস্ত্ৰ আৰু গহনাৰ সংগ্ৰহালয় ৷ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা বস্ত্ৰ আৰু গহনাৰ সংগ্ৰহালয়টো আনুষ্ঠানিক ভাৱে মুকলি কৰে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ অধ্যক্ষ অখিল গগৈয়ে ৷ সংগ্ৰহালয় দ্বাৰ মুকলি কৰি অখিল গগৈয়ে প্ৰকাশ কৰে যে সামাজিক মাধ্যমত সংগ্ৰহালয়ৰ বাবে সামগ্ৰী বিচাৰি ৰাইজৰ প্ৰতি জনোৱা আহ্বানত সহাৰি জনাই ৰাইজে প্ৰদান কৰিছে জনগোষ্ঠীয় সাজপাৰ আৰু গহনা সমূহ।

অৰ্কিড উদ্যানত ইতিপূৰ্বে বনষৌধি, ধান আদিৰ লগতে অসমৰ থলুৱা বাদ্যযন্ত্ৰ,গোৰ্খা সামগ্ৰীৰ সংগ্ৰহালয় প্ৰতিস্থা কৰাৰ পাছত নতুনকৈ সংযোগ কৰা হৈছে বস্ত্ৰ আৰু গহনাৰ সংগ্ৰহালয় ৷ য’ত সন্নিবিষ্ট কৰা হৈছে অসমৰ ওপৰিও উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্য সমূহৰ বস্ত্ৰ আৰু অলংকাৰ ৷ য’ত স্থান পাইছে ধূলাই পাতৰ গামোছা, জিলেলে সূতাৰ গামোছা, হাতে বোৱা চুৰিয়া, গাৰী দিয়া চাদৰ, গোঁসাই কাপোৰ, ডাঙৰী কাপোৰ, মেজাংকৰী পাটৰ, সিংখাপৰ কাপোৰ ইত্যাদিয়ে ৷ তদুপৰি বিভিন্ন অলংকাৰ যেনে কপালী সত্ৰীয়া, ধনশিৰা খাৰু, লোকাপাৰ গোটা, পখিলা গলপতা, জেঠীপতা, লোকাপাৰ, চাঙৈটেঙা গলপতাইও স্থান পাইছে চালে চকুৰোৱা সংগ্ৰহালয়টোত ৷

পৰৱৰ্তী সময়ত দেশৰ আন ৰাজ্য সমূহৰ থলুৱা সম্পদ সমূহো সংগ্ৰহালয়ত ৰখাৰ প্ৰচেষ্টা কৰা হ’ব বুলি প্ৰকাশ কৰে অধ্যক্ষ অখিল গগৈয়ে ৷ অৰ্কিড উদ্যানৰ সংগ্ৰহালয় সমূহে কাজিৰঙালৈ অহা পৰ্যটক পৰ্যটকৰ বাবে বিশেষ সমল হ’ব বুলি আশা কৰে অখিল গগৈয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in