শিৱসাগৰৰ শিৱদ’লত আৰম্ভ শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা...

শিৱসাগৰ চহৰত উৎসৱমুখৰ পৰিৱেশ
শিৱসাগৰৰ শিৱদ’লত আৰম্ভ শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা...

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ চহৰত থকা ইতিহাসপ্ৰসিদ্ধ শিৱ’দলত আজি পুৱতি নিশাৰে পৰা  আৰম্ভ হৈ শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি ৷ আনহাতে কালি সন্ধিয়াৰে পৰা আৰম্ভ হৈছে শিৱৰাত্ৰি মেলা ৷ মহাশিৱৰাত্ৰি আৰু মেলাক কেন্দ্ৰ কৰি  সমগ্ৰ শিৱসাগৰ চহৰতেই সৃষ্টি হৈছে উৎসৱমুখৰ পৰিবেশ ৷ কালি দিনৰ ভাগৰে পৰা শিৱসাগৰ চহৰত ৰাজ্যখনৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা শ শ ব্যৱসায়ীয়ে মেলা পাতিছে ৷ এই মেলা আৰু শিৱৰাত্ৰিৰ বাবে কালি পুৱাৰে পৰা চহৰৰ ভালেকেইটা বাটপথত  যান বাহনৰ প্ৰবেশ নিষেধ কৰা হৈছে ৷

উল্লেখ্য যে আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত নিৰ্মিত শিৱসাগৰৰ শিৱদ'ল প্ৰাংগণত আহোম ৰাজত্বৰালৰে পৰা শিৱপূজা অনুষ্ঠিত কৰি অহা হৈছে ৷ শিৱসাগৰৰ শিৱৰাত্ৰি অনুষ্ঠানত ভাগ লোৱাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ লগতে শ শ সাধু সন্যাসী আহে ৷ কালি সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত এক অনুষ্ঠানত মহাশিৱৰাত্ৰি আৰু মেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ,জলপৰিবহণ আৰু আয়ুষ মন্ত্ৰ্যালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

শিৱৰাত্ৰি মেলা উদ্বোধন কৰি সৰ্বানন্দ সোণোৱালে কয় যে - ভক্তিৰ যোগেদি জ্ঞানপ্ৰাপ্তি হয়৷ বিভিন্ন মহাকাব্যৰ যোগেদি যি বাৰ্তা প্ৰেৰণ কৰা হৈছে তাত ভক্তিক প্ৰাধান্য দিয়া হৈছে ৷ মানৱীয় প্ৰমূল্যবোধ বুজিবলৈ ভক্তিৰ ভাব থাকিব লাগিব । এই শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিয়ে সমাজত প্ৰভাৱ বিস্তাৰ কৰিলেও মানুহে ভক্তি ভাৱেৰে জীৱন, সমাজ আৰু ৰাষ্ট্ৰ গঠন কৰিব লাগিব ৷ তেওঁ কয় আহোম স্বৰ্গদেউ সকলে সকলো জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি ভক্তি ভাৱেৰে আগবাঢ়িছিল । ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ মূল মন্ত্ৰ আছিল ভক্তি ৷ স্বৰ্গদেউসকলৰ আদৰ্শই আমাক আজিও অনুপ্ৰাণিত কৰে ৷ ভক্তিৰ যোগেদিহে জ্ঞান প্ৰাপ্তি হয় ৷ দাবী ধমকিৰে মৰ্যদা লাভ কৰিব নোৱাৰি । তেওঁ শিৱসাগৰক আইকনিক চাইট ৰূপে ঘোষণা কৰাৰ পিছত শিৱসাগৰে পৰ্যটন ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

উল্লেখ্য যে  শিৱসাগৰ শ্ৰী শ্ৰী মহাশিৱৰাত্রি মেলাৰ উদ্বোধনী ভাষণ প্ৰদান কৰি থকাৰ সময়ত সমীপৰ দ'ল মুখ চাৰিআলিৰ মছজিদৰ পৰা আজানৰ সুৰ ভাঁহি অহাৰ লগে লগেই কৰা কেন্দ্ৰীয় মন্ত্ৰী  সৰ্বানন্দ সোনোৱালে তেওঁৰ ভাষণ বন্ধ কৰে ৷ আজান শেষ নোহোৱা পৰ্যন্ত ভাষণ বন্ধ ৰাখি তেওঁ সন্মান প্ৰদৰ্শন কৰে । আজিৰ এই অনুষ্ঠানতেই দ’ল উন্নয়ন পৰিষদৰ হৈ প্ৰতিষ্ঠিত লেখক নবীন বুঢ়াগোহাঁইয়ে লিখা শিৱসাগৰ দ’ল পুখুৰী নামৰ গ্ৰন্থ উন্মোচন কৰে শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ সংমণ্ডল পৰিদৰ্শক কমলজ্যোতি গগৈয়ে ৷ তেওঁ গ্ৰন্থখনিত অনেক তথ্য সন্নিৱিষ্ট থকা বুলি মন্তব্য কৰে ৷

সভাত উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ বৰগোহাঞিয়ে কয় যে আইকনিক চাইটৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ৫০০ কোটি টকা ক'ত ব্যয় কৰা হ’ল তাৰ হিচাপ আমি কোনেও পোৱা নাই ৷ কিন্ত শিৱসাগৰত থকা ৫৫১টা  ঐতিহাসিক সম্পদত কোনেও ভাঙিব নোৱৰা ফলক লগাব পাৰি ৷ মন্ত্ৰী যোগেন মহন আৰু সমাজ সংগঠক কেশৱ ভূঞাই বক্তব্য আগবঢ়াই ৷ সভাত ড° দিব্য কুমাৰ ৰাজখোৱা, কুশল দুৱৰী, বসন্ত গগৈকে দেখি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ৷

মহাশিৱৰাত্ৰিৰ বাবে  আজি পুৱাৰ ভাগৰে পৰা দ’ল চৌহদত ভক্তৰ লানি নিছিগা ভীৰৰ পৰিলক্ষিত হৈছে ৷ ইয়াৰ উপৰিও শিৱসাগৰ চহৰত ৰাজ্যখনৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা শ শ ব্যৱসায়ীয়ে মেলাৰ বাবে শিৱসাগৰ দ’ল উন্নয়ন পৰিষদে আবন্টন দিয়া বিপনী সামগ্ৰীৰে পৰিপূৰ্ণ কৰিছে ৷ শিৱসাগৰ পুখুৰীৰ দুয়োকাষৰ পথত মেলাৰ বাবে বিপনী আবন্টন দিয়া হৈছে ৷ শিৱদ’লৰ পিছফালৰ শিৱসাগৰ পুখুৰীৰ পাৰটোৰ দুয়ো কাষে কেইবা শতাধিক বিপনীত ব্যৱসায়ীসকলে মেলা আৰম্ভ কৰিছে ৷ চহৰৰ ষ্টেচন চাৰি আলিত থকা টাই সংস্কৃতি বিকাশ কেন্দ্ৰৰ মুকলি ফিল্ডৰ লগতে শিৱসাগৰ ফুলেশ্বৰী উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ খেলপথাৰটো মেলা বহিছে ৷

উল্লেখ্য যে আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত নিৰ্মিত শিৱসাগৰৰ শিৱদ'ল প্ৰাংগণত আহোম ৰাজত্বৰালৰে পৰা শিৱপূজা অনুষ্ঠিত কৰি অহা হৈছে ৷ বুৰঞ্জীৰ তথ্য অনুসৰি স্বৰ্গদেউ শিৱসিংহৰ  ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰে  ভনীয়েক দৌপদ্ৰীক বিবাহ কৰাই  বৰৰজাৰ ছত্ৰদন্ড দি শাসন চলোৱাৰ সুযোগ দিয়ে। এইগৰাকী বৰৰজাই  কলঞ্চুপৰীয়া গোহাঁই গাৱঁত এটা বৃহৎ পুখুৰী খন্দাই তাৰ পাৰত সোণৰ ক'লচীৰে সৈতে শিৱদ’ল, দেৱীদ’ল আৰু বিষ্ণুদ’ল নিৰ্মাণ কৰাৰ ।

এই শিৱদ’ল অসমৰ সকলোবোৰ দ’লতকৈ ওখ। কৰ্দৈশিৰীয়া এই দ’লৰ উচ্চতা প্ৰায় ১৮০ ফুট(প্ৰায় ৫৫.৫১ মিটাৰ) আৰু ভেটিৰ প্ৰস্থ প্ৰায় ১৯৫ ফুট (৬০.১৪ মিটাৰ) । ১৯৫০ চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। এই দ’লটোত সদায়ে শিৱৰ পূজা অৰ্চনা কৰি অহা হৈছে ৷ শিৱদ’লত অনুষ্ঠিত শিৱৰাত্ৰি অনুষ্ঠানত ভাগ লোৱাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ লগতে শ শ সাধু সন্যাসী আহে ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই ৷ পূৰ্ব পৰম্পৰা ৰক্ষা কৰি এইবাৰ পাঁচ দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলাৰ আয়োজন কৰা হৈছে ৷ আজি সন্ধিয়া শিৱৰাত্ৰি মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছতেই মেলাত হেজাৰ হেজাৰ লোকৰ সমাগম ঘটা পৰিলক্ষিত হয় ৷ শিৱৰাত্ৰিৰ লগতে শিৱসাগৰত শিৱৰাত্ৰি মেলাও অনুষ্ঠিত কৰা হয় ৷ পূৰ্ব পৰম্পৰা ৰক্ষা কৰি এইবাৰ পাঁচ দিনীয়া কাৰ্যসূচীৰে  শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলাৰ আয়োজন কৰা হৈছে ৷ কালিৰে পৰা ২১ ফেব্ৰুৱাৰীলৈকে পাঁচদিনীয়াকৈ মেলা আৰু শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলাৰ বাবে দ’ল উন্নয়ন পৰিষদে দ’ল চৌহদ নানাৰঙী আলোকেৰে উজলাই তুলিছে ৷

কালি সন্ধিয়া ৬.৪৫ বজাত দ’লমুখ চাৰিআলিৰ  মণ্ডপত  সাৰংগ সাংস্কৃতিক গোষ্ঠী, ধিতাইপুখুৰী শিল্পী সকলৰ দ্বাৰা “হিৰণাক্ষৰ মুক্ষণ, শুক্ৰচাৰ্যৰ দৰ্প হৰণ” ভাওনাৰ মঞ্চ  উদ্বোধন কৰে বিশিষ্ট লেখক তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই ৷ শিৱৰাত্ৰিৰ শিৱপূজা উপলক্ষে শিৱদ’লত সমাগম হ’বলগীয়া হেজাৰ হেজাৰ ভক্তক সহায় কৰাৰ বাবে কেইবাশতাধিক স্বেচ্ছাসেৱী নিয়োগৰ ব্যৱস্থা কৰিছে ৷ আজি সন্ধিয়া একেখন মঞ্চতে এনামউদ্দিন আহমেদৰ সম্পাদনাত প্ৰকাশ হ'বলগীয়া স্মাৰক গ্ৰন্থ ‘পঞ্চানন’ উন্মোচন কৰিব প্রতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি  শ‍ইকীয়াই ।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পিচতেই লোকশিল্পী খগেন গগৈ আৰু কণ্ঠশিল্পী ময়ূৰী দত্তই ভক্তিমূলক গীত পৰিবেশন কৰিব । ১৯ ফেব্ৰুৱাৰী সন্ধিয়া ভক্তিমূলক সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট সাংবাদিক প্ৰাণজিত শ‍ইকীয়াই ৷ তাৰ পিছতেই জনপ্রিয় কণ্ঠশিল্পী বাস্তৱ নাথে ভক্তিমূলক গীত পৰিবেশন কৰিব । ২০ ফেব্ৰুৱাৰী সন্ধিয়া বিশিষ্ট সাংবাদিক নন্দনপ্রতীম শৰ্মা বৰদলৈয়ে উদ্বোধন কৰিব ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান। উক্ত সাংস্কৃতিক অনুষ্ঠানত শিৱ বন্দনা, শিৱ নৃত্য, মহিলা দলৰ দিহানামৰ লগতে জনপ্রিয় কণ্ঠশিল্পী ধন্তী দাসে ভক্তিমূলক গীত পৰিবেশন কৰিব।  শিৱৰাত্ৰি পূজা আৰু মেলাৰ অন্তিম দিনৰ অৰ্থাৎ ২১ ফেব্ৰুৱাৰী সন্ধিয়া ভক্তিমূলক সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ।

শিৱসাগৰ জিলা উপায়ুক্তই শিৱৰাত্ৰিৰ বাবে এটা দিনৰ বাবে শিৱসাগৰ জিলা স্থানীয় বন্ধৰ দিন ঘোষণা কৰে ৷ এইবাৰ ২১ ফেব্ৰুৱাৰীৰ দিনটো শিৱসাগৰ জিলাত স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে ৷ উল্লেখ্য যে ২১ ফ্ৰেব্ৰুৱাৰীৰ সন্ধিয়ালৈ বলিউডৰ খ্যাতনামা কণ্ঠশিল্পী পদ্মশ্ৰী ড° অনুৰাধা পাড়োৱালক  আমন্ত্ৰণ জনোৱা হৈছে ৷ উক্ত সন্ধিয়া  “সত্যম শিৱম সুন্দৰম” শীৰ্ষক সংগীতানুষ্ঠানত অনুৰাধা পাড়োৱালে গীত পৰিবেশন কৰিব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in