মুকলি হ’ব নগাঁৱৰ বহু গোপন অধ্যায় : কাৰ্যক্ষম কৰাৰ প্ৰচেষ্টা মহাফেজ খানা আৰু গৱেষণা কেন্দ্ৰক

মুকলি হ’ব নগাঁৱৰ বহু গোপন অধ্যায় : কাৰ্যক্ষম কৰাৰ প্ৰচেষ্টা মহাফেজ খানা আৰু গৱেষণা কেন্দ্ৰক

ডিজিটেল সংবাদ,নগাঁও : ৰাজ্যৰ ভিতৰতে এক গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা এখনি জিলা নগাঁও জিলা ৷ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশত উল্লেখ্যনীয় অৱদান আগবঢ়াই আহিছে মধ্য অসমৰ প্ৰান্ত কেন্দ্ৰ নগাঁও জিলাই ৷ আজিৰ প্ৰজন্মই কিন্তু নগাঁও জিলাৰ ইতিহাস জ্ঞাত নহয় ৷

নগাঁৱৰ ইতিহাস নৱপ্ৰজন্মৰ বাবে মেলি দিবলৈ পুনৰ চেষ্টা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ লগতে আছে নগাঁৱৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৷ বিধায়ক ৰূপক শৰ্মাই আন্তৰিকতাৰে নগাঁৱৰ ইতিহাস অধ্যয়নৰ বাবে লোৱা পদক্ষেপ হ’ব এক ইতিবাচক খবৰ ৷

খুলিব বিচৰা হৈছে নগাঁৱৰ মহাফেজ খানাৰ দুৱাৰ ৷ মহাফেজ খানা হৈছে এখন জিলাৰ দলিল ৷ ইয়াৰ বুকুতে লুকাই আছে জিলাখনৰ ইতিহাস ৷ বন্ধ কুঠৰিত থকা ইতিহাসক নীতিগত ভাৱে খোলাৰ প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

২০০৯ চনত নগাঁও মহাফেজ খানা আৰু গৱেষণা কেন্দ্ৰৰ বাবে কেইবা কোটি টকাৰে এটি গৃহ নিৰ্মান কৰা হৈছিল ৷ গৃহ নিৰ্মাণ কৰি গৃহটি মুকলি কৰা হ’ল কিন্তু কাৰ্যক্ষম কৰা নহ’ল ৷ ফলত ইতিহাস অৱগত হোৱাৰ পৰা বঞ্চিত হৈ ৰ’ল আজিৰ সমাজ ৷ নগাঁও বাসীয়ে দাবী তুলিলে নগাঁও মহাফেজ খানা আৰু গৱেষণা কেন্দ্ৰটি কাৰ্যক্ষম কৰাৰ ৷ ২০০৯ চনৰ পৰা কিন্তু মহাফেজ খানাটি কাৰ্যক্ষম নহ’ল ৷

শেহতীয়াকৈ বিধায়ক ৰূপক শৰ্মাই মহাফেজখানাটি কাৰ্যক্ষম কৰাৰ সদ্দিচ্ছাৰে জিলা উপায়ুক্তক লগত লৈ গৃহটিৰ বন্ধ দুৱাৰ খুলি পৰিদৰ্শন কৰিছে ৷ সামগ্ৰিক পৰিবেশ পৰ্যবেক্ষণ কৰি সকলো বাধা আতৰাই মহাফেজ খানাটি কেনেকৈ কাৰ্যক্ষম কৰিব পাৰি তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ জিলা প্ৰশাসনৰে কেইবা লানি আলোচনা কৰি জটিলতা আতৰাবলৈ চেষ্টা কৰিছে বিধায়ক জনে ৷ কম দিনৰ ভিতৰত নগাঁও মহাফেজ খানা আৰু গৱেষণা কেন্দ্ৰটো কাৰ্যক্ষম হোৱা সম্ভৱনা আছে ৷ কেন্দ্ৰটো মুকলি হ’লে নগাঁও জিলাৰ বহু ইতিহাস পোহৰলৈ অহাটো নিশ্চিত হৈ পৰিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in