কাজিৰঙাত শ্ৰী শ্ৰী বাংশীবাদন মন্দিৰত পৰম্পৰাগত দৌল উৎসৱ উদযাপন

কাজিৰঙাত শ্ৰী শ্ৰী বাংশীবাদন মন্দিৰত পৰম্পৰাগত দৌল উৎসৱ উদযাপন

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাৰ ৭৭ বছৰীয়া বাংশীবাদন মন্দিৰত পৰম্পৰা অনুসৰি আয়োজন কৰা হৈছে দৌল উৎসৱ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া কেইবাখনো গাওঁৰ শতাধিক ৰাইজে সমূহীয়াকৈ আয়োজন কৰা এই দৌল উৎসৱত জাতি-বৰ্ণ ধৰ্ম নিৰ্বিশেষে অংশগ্ৰহণ কৰে।

এই উৎসৱ উপলক্ষে নাম-কীৰ্তন, ভাওঁনাৰো আয়োজন কৰা হয়। পৰম্পৰাগতভাৱে পালন কৰা দৌল উৎসৱত শ্ৰীকৃষ্ণৰ মূৰ্তিক ন ৰূপত মন্দিৰত প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰা হয়।সেৱকী সকলে মন্দিৰত শৰাই আগবঢ়াই সকলোৰে কুশল মঙ্গল কামনা কৰে।আনহাতে ফাল্গু উৎসৱ উপলক্ষে গাওঁৰ যুৱক যুৱতীসকলে ফাকু খেলি আনন্দ উল্লাস কৰা দেখা যায়।

উল্লেখ্যে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী, বন্যপ্ৰাণী আদিৰ যাতে কোনো হানি বিঘিনি নহয় তাৰ বাবেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে সমৱেত ৰাইজে।

কাজিৰঙাত শ্ৰী শ্ৰী বাংশীবাদন মন্দিৰত পৰম্পৰাগত দৌল উৎসৱ উদযাপন
আজি আন্তজাৰ্তিক নাৰী দিৱস, কাজিৰঙাৰ সুৰক্ষাত ন্যস্ত এক বৃহৎ নাৰী শক্তি

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in