/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0109e799-ded6-40ad-8a60-46de8d58a693/womens_day.jpg)
ডিজিটেল ডেস্ক, কাজিৰঙা : নাৰী মাতৃ,নাৰী ভগ্নী,নাৰী অনন্যা,নাৰী সকলো ৷ মমতাময়ী,কৰুণাময়ী, সহনশীল,ধৈৰ্যশীল,ত্যাগৰ প্ৰতীক বুলি কোৱা হয় নাৰীক ৷ নাৰী সীমাহীন গুণৰ অধিকাৰী ৷ পৃথিৱীৰ অনুপম সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে ধৰি লোৱা হয় নাৰীক ৷ নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি ৷
আজি ৮ মাৰ্চ। বিশ্বজুৰী আজিৰ দিনটো পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ৷ ১৯০৮ চনত নিউয়ৰ্কত প্ৰথমবাৰৰ বাবে পালন হৈছিল এই দিৱস ৷ তেতিয়াৰ পৰা প্ৰত্যেক বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰি অহা হৈছে নাৰী দিৱস ৷ সমগ্ৰ বিশ্বতে নাৰী দিৱস উদযাপন কৰা হয় নাৰীৰ স্বাধীনতা, নাৰীৰ সুৰক্ষা, নাৰীৰ প্ৰাপ্য অধিকাৰক লৈ ৷ নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰী সকলক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা ৷
এই বিশেষ দিনটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত নিয়োজিত হৈ থকা বিশেষ গঁড় সুৰক্ষা বাহিনীৰ যুৱতী মহিলাসকলে ব্যক্ত কৰিলে নিজৰ মনোভাৱ। এই মহিলা জোৱানসকলে কাজিৰঙাৰ জীৱকুলৰ সুৰক্ষাৰ স্বাৰ্থত পুৱাৰে পৰা নিশালৈকে কৰ্তব্য পালন কৰি আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰে বাহিৰে ৷ বানপানীৰ সময়তো এই সকল যুৱতীক দেখা যায় অতন্দ্ৰ প্ৰহৰীৰ ৰূপত ৷ এক কথাত এইসকল কাজিৰঙাৰ প্ৰকৃত যোদ্ধা ৷ এগৰাকী যুৱতী হৈও পুৰুষৰ দৰে সকলো সময়তে নিজৰ কৰ্তব্যসমূহ সম্পাদন কৰি আহিছে এওলোকে ৷ কেতিয়াবা যদি অটব্য অৰণ্যৰ মাজত বন্যজন্তুৰ সৈতে আন কেতিয়াবা চোৰাং চিকাৰীৰ সৈতে সন্মুখ সমৰত অৱতীৰ্ণ হবলগীয়া হয় এই সকল যুৱতী ৷ এক প্ৰকাৰ আদৰ্শ হৈ পৰা এই যুৱতীসকললৈ আমিও জনাইছো নাৰী দিৱসৰ অলেখ শুভকামনা ৷