কাজিৰঙাত অঘটন, হাতী ছাফাৰীৰ পৰা সৰি পৰিল বহি: ৰাজ্যৰ পৰ্যটক

কাজিৰঙাত অঘটন, হাতী ছাফাৰীৰ পৰা সৰি পৰিল বহি: ৰাজ্যৰ পৰ্যটক

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন। ব্যক্তিগত হাতী চাফাৰী কৰি থাকোতে হাতীৰ পৰা সৰি পৰিল পৰ্যটক । বাগৰি বনাঞ্চলত চামেলী নামৰ হাতীজনীৰে চাফাৰী কৰিব গৈছিল বহিৰাজ্যৰ পৰ্যটকৰ এটা দল ৷

হঠাৎ আন এটা ব্যক্তিগত হাতীৰ সৈতে যুজ লগাত হাতীটোত থকা তিনিগৰাকী পৰ্যটক হাতীৰ পৰা সৰি পৰি আহত হয় ৷ আহত তিনি মহিলা পৰ্যটক শ্ৰীলেখা সিনহা, শিখা সিনহা, প্ৰতিমা দত্ত ৷ আহত তিনি পৰ্যটকক প্ৰথমে কহঁৰা চিকিৎসালয়ত চিকিৎসা কৰাৰ পিছত যোৰহাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in