বহু দাবী উত্থাপনেৰে কোকৰাঝাৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰতিবাদ। কোকৰাঝাৰ জীৱন বীমা নিগমৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰে একাংশই ।
বহু দাবী উত্থাপনেৰে কোকৰাঝাৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰতিবাদ। কোকৰাঝাৰ জীৱন বীমা নিগমৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰে একাংশই ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিছে প্ৰদেশ কংগ্ৰেছৰ মহিলা গোটৰ সভানেত্ৰী মীৰা বৰঠাকুৰে । বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰতিবাদকাৰী সকলৰ।

মীৰা বৰঠাকুৰে কয় যে নৰেন্দ্ৰ মোডী হ'ল সপোন বিক্ৰী কৰা চৰকাৰ । সবকা সাথ , সবকা বিকাশৰ নামত অকল আদানী , আম্বানীক হে দেখা পালে নৰেন্দ্ৰ মোডীয়ে ।

এচবিআইৰ ৪.২ লাখ কোটি টকা আৰু এলআইচিৰ ১৮৬৩৬ কোটি টকা পানীত পেলালে । ক'লাধনৰ সলনি ৰাইজৰ কষ্টপাৰ্জিত ধন পুঁজিপতিক দিলে । ৰাষ্ট্ৰনিৰ্মানৰ ধাৰাটো পুঁজিপতিক দিলে ।

নৰেন্দ্ৰ মোডীৰ চৰকাৰ থাকিলে ৰাইজৰ ভৰিৰ তলৰ মাটিও নোহোৱা হ'ব বুলিও কয় প্ৰতিবাদকাৰী সকলে। লগতে দাবী কৰে যে আদানি , আম্বানিয়ে কি যোগ্যতাৰ ভিত্তিত বিশাল ধন পালে সেয়া তদন্ত হ'ব লাগে । নেক্সাচৰ বাবে ধন লাভ কৰাৰ সন্দেহ কংগ্ৰেছৰ।

আৰু পঢ়ক: সাজু! অচিৰেই সলনি হ'ব বিধানসভাৰ ঠিকনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in