/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/kazirangagagaga-news-most-wanted-news-face-3-copy.jpg)
ডিজিটেল ডেস্ক: কাজিৰঙাৰ প্ৰতি সমগ্ৰ বিশ্বৰ পৰ্যটকৰে আছে দৃষ্টি। দেশ-বিদেশৰ পৰা পৰ্যটক আহে কাজিৰঙালৈ। ২০২১-২২ বৰ্ষত কাজিৰঙালৈ মুঠ দেশী বিদেশী পৰ্যটকৰ সংখ্যা ২৭৫৮৩৫ গৰাকী। ইষ্টাৰ্ণ আসাম ৱাইল্ড লাইফ অধীনষ্ঠ কাজিৰঙালৈ মুঠ ২,৫৫,৬৭৬ গৰাকী পৰ্যটক আহিছিল। ইয়াৰ উপৰিও বিশ্বনাথ অধীনষ্ঠা কাজিৰঙালৈ ১৬৩ জন, নগাঁও ৱাইল্ড ডিভিচনৰ অধীনষ্ঠ কাজিৰঙালৈ ১৯৯৯৬ গৰাকী পৰ্যটক আহিছিল। এই সকল পৰ্যটকৰ পৰা কাজিৰঙাত সৰ্বমুঠ ৰাজহ সংগ্ৰহ হৈছিল ৬কোটি ২৪ লাখ ৮হাজাৰ ৬৫৪ টকা।
চলিত বৰ্ষটোত সৰ্বাধিক পৰ্যটক কাজিৰঙালৈ আহিছিল ইষ্টাৰ্ণ আছাম ৱাইল্ড ডিভিজনলৈ। ডিচেম্বৰত তালৈ মুঠ ৫৫,৭৭৩ গৰাকী পৰ্যটকে কাজিৰঙা দৰ্শন কৰিছিল। ইয়াৰ পাছতে জানুৱাৰী মাহত ৪০,৬৯২ গৰাকী পৰ্যটক আহিছিল কাজিৰঙালৈ। সাধাৰণতে অক্টোবৰৰ পৰা পৰ্যটক অহা আৰম্ভ হয় কাজিৰঙালৈ।
২০২১ বৰ্ষৰ অক্টোবৰত ১৮,১৩৪ গৰাকী , নৱেম্বৰত ৩২,৪৯৭ গৰাকী পৰ্যটক আহিছিল। ২০২২ বৰ্ষৰ জানুৱাৰীত কাজিৰঙাত পৰ্যটকৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ ৯৪ লাখ ৫৫ হাজাৰ ৭৪৫ টকা। ২০২২ ৰ মাৰ্চত ৩৪ হাজাৰ ৭০০, এপ্ৰিলত ৪০ হাজাৰ ৩১৯ আৰু মেত ১৫হাজাৰ ৯৮৯ গৰাকী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰে।
উল্লেখযোগ্য যে, ২০২০-২১ বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা আছিল ১৬৭৬৪৪ গৰাকী। ২০১৯-২০ল বৰ্ষত কাজিৰঙালৈ অহা পৰ্যকৰ সংখ্যা আছিল ১৪২৮৫৯ জন। সেই সময়চোৱাত ২০২০-২১ ত ৩ কোটি ৬০ লাখ ৬১১ টকা আৰু ২০১৯-২০ বৰ্ষত ৪ কোটি ২০ লাখ ৬৩ হাজাৰ ৫৪১ টকা সংগ্ৰহ হৈছিল।
আৰু পঢ়ক: কলিকতাত গৰমে দহিলে, মৰমে কাঢ়িলে KK ক…