কলিকতাত গৰমে দহিলে, মৰমে কাঢ়িলে KK ক…

কলিকতাত গৰমে দহিলে, মৰমে কাঢ়িলে KK ক…

মৃদুল কুমাৰ সন্দিকৈ

কলিকতাই হত্যা কৰিলে কেকেক। বলিউডৰ সংগীত জগত শূণ্য কৰি মাত্ৰ ৫৩ বছৰ বয়সতে  সংগীতৰ মায়াজালৰ মাজত শেষ নিশ্বাস এৰিলে কৃষ্ণ কুমাৰ কুন্নাথে। সকলোৱে যাক মৰমতে কেকে বুলি মাতিছিল।

কলিকতাৰ নজৰুল মঞ্চত গুৰুদাস কলেজৰ এক সংগীতানুষ্ঠানত ভাগ ল'বলৈ আহিছিল জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী। ১৯৯৯ চনত 'পল' নামৰ এলবামটোৰে সংগীত জগতত ভৰি থোৱা কেকে তাৰ পাছত কোনোদিনেই উভতি চোৱা নাছিল।

সফলতাৰ শিখৰত আছিল কেকে। হামচফৰ, হামৰাজ, শ্বলফুল ভইচ কেকে,কেকে বেষ্ট এফ মি আদি আছিল তেওঁ সংগীতৰ যাত্ৰাৰ কেইটামান এলবামৰ নাম। 'হাম দিল দে চুকে চনম' ছবিৰ সেই জনপ্ৰিয় গীত 'তৰপ তৰপ'ৰ বাবে ২০০০ চনত ফ্লিম ফেয়াৰ ৱেষ্ট প্লেবেক ছিংগাৰ সন্মান লাভ কৰিছিল।

বৰদাছ নহী কৰ চকতা(হমৰাজ), দাছ বাহানে (দাচ), আখো মে তেৰী(অম চান্তি ওম), জৰা চা (জন্নত), খুদা জা নে আদি গীতৰ বাবে ক্ৰমে ২০০৩, ২০০৬, ২০০৮ আৰু ২০০৯ ত বেষ্ট মেল প্লেবেক ছিংগাৰ সন্মান লাভ কৰিছিল তেওঁ।

ফ্লিম ফেয়াৰৰ এই সন্মানৰ উপৰিও 'গেংষ্টাৰ' ছবিত 'তুহী মেৰী শ্যাম হে', জিন্দেগী দ্যো পল কি আদি গানেৰেও তেওঁ শ্ৰেষ্ঠত্ব আজৰি আনিছিল।কলিকতালৈ অহাৰ আগতে হয়তো তেওঁ ভৱা নাছিল এয়াই তেওঁৰ সংগীতৰ লগতে জীৱনৰো শেষ যাত্ৰা হ'ব।

কেকেৰ মৃত্যুৰ পাছত বহুতে জগৰীয়া কৰিছে কলিকতাৰ সেই অনুষ্ঠানৰ আয়োজক সকলক। আনকি কেকেক কলিকতাই হত্যা কৰিলে বুলি মন্তব্য কৰিছে বলিউডৰে কেকেৰ গুণমুদ্ধই।

কিয় এই প্ৰশ্ন উঠিছে? কিহৰ বাবে কেকেৰ মৃত্যু এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে? সঁচাকৈয়ে অসুস্থ আছিল নেকি জনপ্ৰিয় শিল্পী গৰাকী? প্ৰাথমিকভাৱে আৰক্ষীয়ে অনুসন্ধান কৰি যিবোৰ তথ্য লাভ কৰিছে বা ভাইৰেল হোৱা কিছু ভিডিঅ'ত এই মৃত্যুক লৈ প্ৰশ্ন উঠিব পৰা বহু কাৰক আছে।

যিটো হ'লত সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ কেকেক দিয়া হৈছিল সেই হ'লটোত প্ৰয়োজনতকৈ অধিক শ্ৰোতা আছিল। একেদৰে সেই নজৰুল মঞ্চৰ নাছিল কোনো বাতানুকূলৰ ব্যৱস্থা। বন্ধ কৰি থোৱা হৈছিল বাতানুকূল যন্ত্ৰ সমূহ।

গীত পৰিৱেশন কৰাৰ মাজতেই কেকে অনুৰোধ কৰিছিল লাইটৰ চুইচবোৰ অফ কৰি দিবলৈ। বাৰে বাৰে তেওঁ মুচিছিল ঘামত তিতি যোৱা মুখ। আৰু হঠাৎ সেই প্ৰেক্ষাগৃহৰ ভিতৰত উতনুৱা দৰ্শকে কিয় জুই নুমোৱা গেছ এৰিছিল।

সংগীতানুষ্ঠানৰ নামত এইবোৰ ল'ৰা-ধেমালী প্ৰতিৰোধ কৰিব পৰা নাছিল আয়োজক সকলে। যাৰ বাবে কেকেৰ মৃত্যুক লৈ এতিয়া আৰক্ষীয়ে  কলকতাৰ নিউ মাৰ্কেট পুলিচ ষ্টেচনত গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে।

অনুষ্ঠান কৰি থকাৰ মাজতেই অসুস্থ হৈ পৰা কেকে প্ৰথমে হোটেললৈ গৈছিল। তাৰ পাছতেই তেওঁক লৈ যোৱা হৈছিল এখন ব্যক্তিগত চিকিৎসালয়ত। সেই চিকিৎসালয়ত কেকেক মৃত্যু ঘোষণা কৰা হৈছিল।মৰণোত্তৰ পৰীক্ষাতো কেকে মৃত্যু অস্বাভাৱিক বুলি উল্লেখ আছে।

এনেদৰে বলিউডৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক হেৰুৱাই সকলো মৰ্মাহত। দোষ দিছে কলিকতাক, দোষ দিছে কলিকতাৰ দৰ্শকক।  হৃদৰোগত আক্ৰান্ত হ'ব পৰাকৈ সেই অনুষ্ঠানটোত তেনে পৰিৱেশ ৰচনা কৰা হৈছিল নেকি?

কেকে অন্তিম অনুষ্ঠানত গাইছিল তেওঁৰ জনপ্ৰিয় গীত 'হম ৰহে য়া না ৰহে কল'। সঁচাকৈয়ে তেওঁ নাথাকিল। দৰ্শকৰ আচৰণ, আয়োজকৰ অনাভিজ্ঞতাক লৈ বহু প্ৰশ্ন ৰৈ গ'ল।

কেকেৰ মৃত্যুৰ পাছত এনে অনেক প্ৰশ্নই এতিয়া চুই গৈছে। দিল্লীত ১৯৬৮ চনৰ ৩০ আগষ্টত জন্ম গ্ৰহণ কৰা কেকেৰ সংগীতৰ শিক্ষয়িত্ৰী গৰাকীও মৰ্মাহত। হিন্দীৰ উপৰিও আন বহু আঞ্চলিক ভাষাত গান গাইছিল কেকেই। অসমৰ সৈতেও আছিল সু-সম্পৰ্ক।

অসুস্থ হৈ পৰা কেকেক হোটেলৰ পৰা নিশা ৯.৩০ বজাত হাস্পাতাললৈ নিয়া হৈছিল। প্ৰশ্ন উঠিছে কিয় নজৰুল মঞ্চৰ অডিটৰিয়াৰ এচিবোৰে সঠিক ধৰণে কাম কৰা নাছিল।আনকি অনুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতে কেকে মঞ্চতে থকা এজন ব্যক্তিক এচি কেইটা চলাই দিবলৈ কৈছিল। মাত্ৰ ২৪০০ মানুহৰ বাবে থকা  এই অডিটৰিয়ামটোত ইমান বৃহৎ পৰমাণৰ দৰ্শকৰ উপস্থিতিৰ অনুমতি কেনেকৈ দিলে প্ৰশাসনে।

ভাৰতৰ সংগীত জগতে বা বলিউডে এজন প্ৰতিভাশালী সংগীত শিল্পীক হেৰুৱালে। আয়োজক সকলে দৰ্শক সকলক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। উশৃখল দৰ্শকৰ পৰা কেকেক আঁতৰাই ৰাখিবলৈ নাছিল কোনো বেৰিকেড। জুই নুমোৱাৰ গেছ ব্যৱহাৰ আৰু অত্যাধিক দৰ্শক থকাৰ বাবে এচি নথকা হোলটোত আক্সিজেনৰ অভাৱ হৈছিল।

দৰ্শক সকলে গেট ভাঙি বিনা টিকটত হোল ঘৰটোত প্ৰৱেশ কৰিছিল। ক'ত আছিল নিৰাপত্তাৰক্ষী, ক'ত আছিল আয়োজক। তাতে কলকতাৰ গৰমৰ কথা কল্পনা কৰক।

কেকেৰ মৃত্যুৰ পাছত স্বাভাৱিকতে মনত আহি দোলা দিয়েহি অসমৰ কিছু দৃশ্যই। কেতিয়াও সেয়া নহওক। কিন্তু অসমৰ বিভিন্ন জনপ্ৰিয় গায়কৰ অনুষ্ঠানত এচাম উদণ্ড দৰ্শকে কৰা আচৰণ কেকেৰ এই ঘটনাই ভাৱিবলৈ বাধ্য কৰালে। সেই গায়ক সকলৰ অনুষ্ঠানত কি কি হয় সেয়া ইতিমধ্যেই সংবাদ মাধ্যমত খবৰ হৈছে।

আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ লাঠী আৰু শূণ্যলৈ গুলী নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি কৰিছে সেই চাম দৰ্শকে। আনকি জুই জ্বলাই জুইৰ মাজত নৃত্য কৰা , বোকাত বাগৰি বাগৰি নৃত্য কৰা আদি ঘটনাবোৰে কোনোবা দিনা যেন ইয়াৰ লক্ষণৰেখা পাৰ হৈ কেকেৰ দৰে অঘটন নঘটাব তাৰ কি মানে আছে।

আজি কেকেৰ মৃত্যুৰ বাবে সকলোৱে কলকতাক দোষিছে।আয়োজক সকলে সকলো ব্যৱস্থা কৰা হ'লে হয়তো আজি কেকে জীয়াই থাকিল হয়। কেকেৰ দশা অসমৰ সেই জনপ্ৰিয় শিল্পী সকলৰ নহওক। কেকেৰ ঘটনাৰ পৰাই আয়োজক, গায়ক,দৰ্শক সকলোৱে শিক্ষা লওক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in