ওদালগুৰি লোকসভা সমষ্টি গঠনৰ দাবীৰে এবছুৰ জোঁৰ সমদল

শেহতীয়াকৈ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰিছে ।

author-image
Asomiya Pratidin
New Update
ওদালগুৰি লোকসভা সমষ্টি গঠনৰ দাবীৰে এবছুৰ জোঁৰ সমদল

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ শেহতীয়াকৈ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰিছে । এই খচৰাক লৈ অসন্তুষ্ট বহু ৰাজনৈতিক নেতা-কৰ্মী, বিভিন্ন দল-সংগঠনকে ধৰি সাধাৰণ ৰাইজ । এই লৈ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ।

Advertisment

এই লৈ মঙলবাৰে এবছুৱে কোকৰাঝাৰ সদৰ চহৰত জোঁৰ সমদল বাহিৰ কৰে। কোকৰাঝাৰ সদৰ চহৰৰ টেঙাপাৰাস্থিত এবছুৰ জিলা কাৰ্যালয়ৰ পৰা বডোফা শিশু উদ্যানলৈ জোঁৰ সমদল বাহিৰ কৰি এবছুৱে সমষ্টি পুনৰ নিৰ্ধাৰণ নামত প্ৰস্তুত কৰা খছৰাৰ বিৰোধিতা কৰে।

এই সমদলত অংশ গ্ৰহণ কৰি কোকৰাঝাৰ জিলা এবছুৰ সভাপতি কৃপেশ দৈমাৰীয়ে কয় যে, "সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত বাহিৰ হোৱা খছৰাক লৈ এবছু সন্তুষ্ট নহয় ।" তদুপৰি এবছুৱে ওদালগুৰী লোকসভা সমষ্টি গঠনৰ দাবী জনোৱাৰ লগতে বিটিআৰত অনুসূচীত জনজাতিৰ বাবে ১০ খন আসন সংৰক্ষণৰ কৰা, বড়ো আৰু জনজাতি অধ্যুষিত সমষ্টিসমূহৰ জনসংখ্যাৰ বিভাজন ৰোধ কৰি পূৰ্বৰ দৰে একেই ৰখাৰ দাবী জনাইছে।

তদুপৰি কোকৰাঝাৰ জিলা এবছুৰ সভাপতি কৃপেশ দৈমাৰীয়ে কয় যে, "সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত জনজাতি গাঁও সমূহ ছেদেলি-ভেদেলী কৰা কাৰ্য সহ্য কৰা নহ'ব আৰু এবছুৰ দাবী মানি নললে গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তোলা হ'ব।" প্ৰতিবাদী জোঁৰ সমদলত এবছুৰ জিলা সভাপতি কৃপেশ দৈমাৰী, সম্পাদক খাম্পা বসুমতাৰী, কেন্দ্ৰীয় জনসম্পৰ্ক সম্পাদক সৌমদৌন ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ জিলা সভাপতি বিজেল কুমাৰ বসুমতাৰী উপস্থিত থকাৰ লগতে শতাধিক এবছু-কৰ্মী, সমৰ্থকে অংশগ্ৰহণ কৰে ।

Also Read: বিশিষ্ট সমাজকৰ্মী মুকুট ৰঞ্জন দেৱৰ মৃত্যু...

RALLY torch rally delimetation protest