/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6548b8a4-7e34-42aa-a40f-0a797af146d2/dead.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ বাসুগাঁও পৌৰসভাৰ প্ৰাক্তন উপ-সভাপতি তথা বিশিষ্ট সমাজকৰ্মী মুকুট ৰঞ্জন দেৱ ওৰফে শান্তি ৰঞ্জন দেৱ মঙলবাৰে ৮৩ বছৰ বয়সত বাসুগাঁও স্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ, জীয়ৰী, বোৱাৰী সহ কেইবাজনো নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়।পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে চলিত বৰ্ষৰ জানুৱাৰী মাহত তেখেতৰ দেহত দুৰাৰোগ্য ৰোগ ধৰা পৰে ।
তাৰ পিছত মুম্বাই কোকিলাবেন কেঞ্চাৰ চিকিৎসালয়ত চিকিৎসা কৰি আছিল যদিও দুমাহ আগত তেখেতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বাসুগাঁও স্থিত নিজ বাসগৃহতে শয্যাগত হৈ আছিল ।মঙলবাৰে দুপৰীয়া ১২ বাজি কুৰি মিনিটত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজসেৱকগৰাকী । তেখেতৰ মৃত্যুৰ বাতৰি লাভ কৰি আত্মীয় স্বজনৰ পৰা আৰম্ভ কৰি গুণমুগ্ধসকলে তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ।
ইয়াৰ পিছতেই কেইবা শতাধিক লোকৰ উপস্থিতিত প্ৰয়াত মুকুট ৰঞ্জন দেৱৰ নশ্বৰ দেহ এম্বুলেঞ্চত তুলি বাসুগাঁও চহৰ পৰিভ্ৰমণ কৰি প্ৰথমে বাসুগাঁও পৌৰসভা কাৰ্যালয়ত লৈ যোৱা হয় । কাৰ্যালয়ত বৰ্তমানৰ পৌৰপতি সাধন চন্দ্ৰ মণ্ডল সহ পৌৰসভাৰ কাউঞ্চিলৰ, কৰ্মচাৰীসকলে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । তাৰপিছত বাসুগাঁও চিনিয়ৰ চিটিজেন ছচাইটি আৰু তেখেতৰ কৰ্মস্থলী বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লৈ যোৱাত প্ৰাক্তন পৌৰপতি তথা চিনিয়ৰ চিটিজেন ছচাইটিৰ সভাপতি সুভাষ বসুমতাৰী, বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা নাথ সহ অন্যান্য শিক্ষক, কৰ্মচাৰীয়ে মৃতদেহত পুষ্প অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে ।
জীৱন কালত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত মুকুট ৰঞ্জন দেৱৰ জন্ম হৈছিল ১৯৪০ চনত। তেখেতৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল ১৯৬২ চনত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কণিষ্ঠ সহায়ক হিচাপে ।
পৰৱৰ্তী সময়ত জ্যেষ্ঠ সহায়ক হিচাপে পদোন্নতিৰে ১৯৯৯ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে । চাকৰি জীৱনৰ পিছত বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে নিজকে জড়িত কৰি এক সামাজিক জীৱন আৰম্ভ কৰে । বাসুগাঁও চিনিয়ৰ চিটিজেন ছচাইটিৰ জন্ম লগ্নৰে উপ-সভাপতিৰ পদ অলংকৃত কৰে ।
পৰৱৰ্তী সময়ত ৰাজনৈতিক দল বিপিএফত যোগদান কৰি বাসুগাঁও প্ৰাথমিক সমিতিৰ সভাপতি হয় । তাৰপিছত দহ বছৰ কাল তদানীন্তন বাসুগাঁও নগৰ সমিতিৰ উপ-সভাপতি পদৰ দায়িত্ব পালন কৰিছিল । চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত পূৰ্বৰে পৰা তেখেতৰ বাসগৃহতে থকা কিতাপৰ দোকানত অধিক সময় অতিবাহিত কৰিছিল ।
সেই সূত্ৰে তেখেত বাসুগাঁও ব্যৱসায়ী সমিতিৰ সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল । যাৰ কাৰণে আজি মুকুট ৰঞ্জন দেৱৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছত বাসুগাঁও চহৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ দুই ঘণ্টাৰ বাৱে বন্ধ ঘোষণা কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । আজি বিয়লিৰ ভাগত আত্মীয় স্বজন, গুণমুগ্ধ সকলৰ উপৰি কেইবা শতাধিক সাধাৰণ জনতাৰ উপস্থিতিত তেখেতৰ মৃতদেহ সমদল কৰি বাসুগাঁও ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় ।