ডিজিটেল ডেস্কঃ সোমবাৰে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ সাংগঠনিক সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইনৰ জন্মদিন ৷ জন্মদিন উপলক্ষে এসাজ খোৱাৰ বাবে সন্ধিয়া বন্ধুবৰ্গক তেওঁ ঘৰলৈ নিমন্ত্ৰণ জনালে ৷ কেক কাটি উদযাপন কৰা জন্মদিনত ইজনে-সিজনে উপহাৰ দিলে নানান সামগ্ৰী৷
সতীৰ্থৰ জন্মদিন উপলক্ষে জাতীয় যুৱ শক্তিৰ তথ্য-প্ৰযুক্তি সম্পাদক দেৱজিৎ ভৰালীসহ সংগঠনটোৰ অমন হাজৰিকা, ছাইফুল ইছলাম, অসীম কাকতীও উপস্থিত হ'ল ইফটিকাৰ হুছেইনৰ ঘৰত ৷ তেওঁলোকে হুছেইনক উপহাৰ হিচাবে দিলে দুই কিলো বিলাহী ৷
জন্মদিনত উপহাৰ সামগ্ৰী হিচাবে বন্ধু ইফটিকাৰলৈ বিলাহীৰ টোপোলাটো আগবঢ়াই ক'লে, 'বিলাহীৰ দাম এতিয়া ১৬০ টকা কিলো ৷ বজাৰত এইবিধ সামগ্ৰীয়ে আটাইতকৈ দামী ৷ জন্মদিনত দামী বস্তু হিচাবে এইপদ সামগ্ৰীকে উপহাৰ হিচাপে আগবঢ়ালো ৷'
ৰাজ্যৰ লগতে দেশৰ প্ৰতিখন বজাৰত এতিয়া বিলাহীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বাবে ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ দেশতে এতিয়া বিলাহীৰ মূল্য ১৫০ৰো অধিক। যাৰ বাবে জন্ম দিন তথা বিশেষ দিনত বিলাহী উপহাৰ দিয়াতো এতিয়া মূল্যবান উপহাৰ হিচাবে গণ্য হৈছে।