জনতাক মাধমাৰ! এপ্ৰিলৰ পৰা পুনৰ বৃদ্ধি পাব টোল কৰ...

পৰিৱৰ্তনৰ শ্ল’গানেৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ শেহতীয়া সিদ্ধান্তই ৰামটাঙোন সোধাব সাধাৰণ জনতাক৷ পুনৰ ৰাজ্যৰ টোলগেট সমূহত বৃদ্ধি পাব টোল কৰ ৷
জনতাক মাধমাৰ! এপ্ৰিলৰ পৰা পুনৰ বৃদ্ধি পাব টোল কৰ...

ডিজিটেল ডেস্কঃ পৰিৱৰ্তনৰ শ্ল’গানেৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ শেহতীয়া সিদ্ধান্তই ৰামটাঙোন সোধাব সাধাৰণ জনতাক৷ পুনৰ ৰাজ্যৰ টোলগেট সমূহত বৃদ্ধি পাব টোল কৰ ৷ ১ এপ্ৰিলৰ পৰা ১০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব টোলগেটৰ মাচুল ৷ শেহতীয়া নতুন নিৰিখ অনুসৰি বাণিজ্যিক বাহনত বৃদ্ধি পাব ৬৫ টকাকৈ ৷ ব্যক্তিগত বাহনত মাচুল বৃদ্ধি পাব ১৫ টকাকৈ৷

 শেহতীয়াকৈ ঘাইপথ প্ৰাধিকৰণৰ নিয়ম ভংগ কৰি অসমত চাৰিখনকৈ টোল গেট নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছে ৷ মদনপুৰ আৰু নাজিৰাখাটত টোলগেটৰ মাজৰ ব্যৱধান ৫৯ কিলোমিটাৰ ৷ দাহালপাৰা পাটগাৱত স্থাপন হোৱা টোলগেটৰ ব্যৱধান  ৫৪ কিলোমিটাৰ, মিকিৰআটি আৰু ৰহা টোলগেটৰ মাজৰ ব্যৱধান ৫৩ কিলোমিটাৰ, গলিয়া আৰু দাহাল পাৰাত স্থাপন হোৱা টোলগেটৰ ব্যৱধান ৪৬ কিলোমিটাৰ৷

 কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰীয়ে মন্তব্য কৰা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিলোমিটাৰ দূৰত্বত নিৰ্মাণ হ'ব লাগিব প্ৰতিখন টোলগেট ৷ নীতিবৰ্হিভূত টোলগেট ভাঙি পোলোৱা হ’ব বুলি সংসদত মন্তব্য কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে৷ কিন্তু সেই টোলগেট সমূহ ভাঙি পেলোৱাৰ পৰিৱৰ্তে টোল কৰ বৃদ্ধি কৰা ঘটনাই ৰাইজৰ মাজত সমস্যাৰ সৃষ্টি কৰিব।

জনতাক মাধমাৰ! এপ্ৰিলৰ পৰা পুনৰ বৃদ্ধি পাব টোল কৰ...
গুৱাহাটীৰ ৰাজপথত অকলশৰীয়া মহিলা কিমান সুৰক্ষিত ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in