বেবেজীয়াৰ পূব জামুগুৰি নামঘৰৰ বাৰ্ষিক ভাগৱত পাঠ আৰু মহানাম আৰম্ভ

শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

author-image
Asomiya Pratidin
New Update
বেবেজীয়াৰ পূব জামুগুৰি নামঘৰৰ বাৰ্ষিক ভাগৱত পাঠ আৰু মহানাম আৰম্ভ

পূব জামুগুৰি নামঘৰৰ বাৰ্ষিক ভাগৱত পাঠ আৰু মহানাম

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ পূব জামুগুৰিৰ ২৫০শ বছৰ গৰকা ঐতিহ্যমণ্ডিত পূব জামুগুৰি নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ।

Advertisment

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ হয় ধৰ্ম ধ্বজা উত্তোলন,ভাগৱত পাঠ আৰু মহানাম মহোৎসৱ। ঐতিহ্যণ্ডিত নামঘৰটিৰ প্ৰাংগণত আজি পুৱা পৰিৱেশ নিকাকৰণৰ পিছত ধৰ্ম ধ্বজ্জা উত্তোলন কৰে শংকৰী সাধক নৰেন নাথে ।

ইয়াৰ পিছতে গায়ন-বায়ন আৰু দিহানামেৰ পৰিৱেষ্টিত হৈ ভাগৱত ভ্ৰমণ আৰু শোভাযাত্ৰাৰে সমগ্ৰ অঞ্চলৰ কৃষ্ণ নামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তোলে । ইয়াৰ পিছতে আইসকলৰ থিয় নাম, দিহানামকে ধৰি হৰিনামৰ ধ্বনিৰে সমগ্ৰ নামঘৰ প্ৰাংগণ ভক্তিৰসত বুৰ যায় ।

আনহাতে দুপৰীয়া অনুষ্ঠিত হয় খোল প্ৰসংগ আৰু নাম প্ৰসংগ। বিয়লি ভাগৱত পাঠ পাঠ কৰে মৰিগাঁৱৰ জগন্নাথ নাথ,মেঘ ৰাম নাথ, দুলন চন্দ্ৰ নাথ, বামুণবড়িৰ লক্ষীধৰ নাথে ।

অনাতাঁৰ শিল্পী গম্ভীৰ নাথে আঁত ধৰা আৰু পৰিচালনা কৰা অনুষ্ঠানটিত সমাজকৰ্মী বিৰচিং নাথ,সৰুৰাম নাথ,পূৰ্ণ কান্ত নাথ, লক্ষেশ্বৰ নাথ,মুনীন্দ্ৰ নাথ,হীৰেণ নাথ,বুদ্ধ নাথ তিলেশ্বৰ নাথ,কৃষ্ণ নাথ,প্ৰফুল্ল নাথ,কিৰণ নাথ,গুণেন্দ্ৰ নাথ টংকেশ্বৰ নাথ,হৰিচৰণ নাথ, প্ৰদীপ নাথ,গোবিন্দ নাথ,শ্যাম নাথ,সুনাৰাম নাথ,সুশীল নাথ,প্ৰভাত নাথ,অম্বিক নাথৰ লগতে ৪ শতাধিক আই-মাতৃৰ লগতে ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ।

নিশা অবিৰতভাৱে ভাগৱত পাঠ চলি থকাৰ অন্তত দেওবাৰে পুৱা খোল প্ৰসংগ আৰু দুপৰীয়া মহানাম মহোৎসৱৰে দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ।

Also Read: চৰ্বিজাতীয় খাদ্যৰ পৰা কাৰ্ব কটাৰ উপায় দিলে মন্ত্ৰী টেমজেন ইমনা আলঙে

pal naam