আজি দেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন...

আজি দেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন...

ডিজিটেল ডেস্কঃ আজি দেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। দেশৰ ১৩খন ৰাজ্যত অনুষ্ঠিত হ'ব এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। মুঠ ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা হৈছে মাত্ৰ ১২৩গৰাকী অৰ্থাত ৯শতাংশ।

অসমৰ মুঠ ৮১,৭৭, ২০৭গৰাকী লোকে ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে সাধাৰণ ভোটাৰৰ সংখ্যা ৮১লাখ ৪৯হাজাৰ ৯১গৰাকী আৰু বৃত্তিধাৰী ভোটাৰৰ সংখ্যা ২৮হাজাৰ ১১৬গৰাকী। অসমৰ ২লাখ ১০হাজাৰ নতুন ভোটাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন দিব ভোট। অসমত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৯,৫০১৬টা।

এই ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৬৩৯গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা পঞ্চম মান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰত আৰু ৫৯১গৰাকী প্ৰাৰ্থীৰ শিক্ষাৰ্গত অৰ্হতা স্নাতক অথবা বিভিন্ন ডিগ্ৰীধাৰী।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩৯২গৰাকী প্ৰাৰ্থীয়েই হৈছে কোটিপতি। ২৪৪গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধমূলক গোচৰ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত হেভীৱেট প্ৰাৰ্থীসকলৰ ভিতৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে সুপ্ৰিয়া চুলে আৰু কৰ্ণাটক প্ৰাক্তন মুখ্যমন্ত্ৰী বাসাভাৰাজ বমমাই হৈছে অন্যতম।

আজি দেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন...
ফৰাচী চলচিত্ৰ জগতৰ ভোটা তৰা জ্যাঁ লুক গডাৰ পৰলোক প্ৰাপ্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in