ফৰাচী চলচিত্ৰ জগতৰ ভোটা তৰা জ্যাঁ লুক গডাৰ পৰলোক প্ৰাপ্তি...

ফৰাচী চলচিত্ৰ জগতৰ ভোটা তৰা জ্যাঁ লুক গডাৰ পৰলোক প্ৰাপ্তি...

ডিজিটেল ডেস্ক : বিশ্বৰ চলচিত্ৰ জগতত ফৰাচী চিনেমাৰ যোগেদি এক নতুন যাত্ৰাৰ সূচনা কৰা জ্যাঁ লুক গডাৰৰ মৃত্যু ঘটে ১৩ ছেপ্তেম্বৰত ।  ইয়াৰ লগে লগেই অৱসান ঘটে এটি যুগৰ । বিশ্ব চলচিত্ৰত আটাইতকৈ সফল পৰিচালক সকলৰ অন্যতম বুলি গণ্য কৰা গডাৰৰ জন্ম হৈছিল ১৯৩০ চনত । 

কেৱল পৰিচালকেই নহয়, চলচিত্ৰ সমালোচক হিচাপেও খ্যাতি লাভ কৰা গডাৰ আছিলফৰাচী চলচিত্ৰ জগতৰ নৱ যুগৰ সূচক । বিশ্ব যুদ্ধৰ পাছৰ আটাইতকৈ সফল চলচিত্ৰ পৰিচালক হিচাপে গণ্য কৰা গডাৰৰ চলচিত্ৰই সংলাপ, আৱহ সংগীত আৰু কাহিনীৰ  বৰ্ণনাৰ শৈলীৰ বাবে প্ৰখ্যাত ।

কেশ্বিয়াৰ দ্যু চিনেমা আলোচনীত চলচিত্ৰ সমালোচক ৰূপে নিজৰ জীৱন আৰম্ভ কৰা গডাৰে সেই সময়ৰ ফৰাচী চিনেমাৰ প্ৰচলিত ধাৰাক সমালোচনা কৰি আৰম্ভ কৰিছিল এক নতুন ধাৰাৰ । অস্তিত্ববাদী আৰু মাৰ্ক্সবাদী মতাদৰ্শৰে নিজৰ চিনেমাৰ জৰিয়তে সমগ্ৰ বিশ্বত খলকনি তুলিছিল গডাৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in