ঈদৰ পৱিত্ৰ ক্ষণত কৰৈয়ানী আঞ্চলিক ঈদগাহ সমিতিৰ আদৰণীয় পদক্ষেপ

গড় হত্যাকে আদি কৰি বিভিন্ন অসামাজিক কাম সমাজৰ পৰা নাইকিয়া কৰাৰ লক্ষ্যৰে কৰৈয়ানী আঞ্চলিক ঈদগাহ সমিতিয়ে আৰি থয় বিভিন্ন ধৰণৰ বেনাৰ পোষ্টাৰ
ঈদৰ পৱিত্ৰ ক্ষণত কৰৈয়ানী আঞ্চলিক ঈদগাহ সমিতিৰ আদৰণীয় পদক্ষেপ

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ আজি ইছলাম ধৰ্ম্মালম্বী লোকসকলৰ পৱিত্ৰ ঈদ উল ফিটৰ উৎসৱ ৷ পৱিত্ৰ ৰমজানৰ এমহীয়া ৰোজাৰ অন্তত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে চতিয়াৰ দক্ষিণ অঞ্চলৰ কৰৈয়ানী,কটৰআটী,আদাভেটীকে আদি কৰি বিভিন্ন ঠাইত ইছলাম ধৰ্মাৱলম্বী লোকেসকলে বিভিন্ন ঈদগাহ ময়দান তথা মছজিদত সমূহীয়াভাৱে আদায় কৰে পৱিত্ৰ ঈদ উল ফিটৰৰ নামাজ ৷

নামাজৰ শেষত ধৰাষাৰ বৰষুণৰ মাজতো বিশ্ব শান্তিৰ বাবে নেদেখা জনৰ ওচৰত সকলোৱে দোৱা-প্ৰাৰ্থনা জনায় ৷ ইফালে দক্ষিণ চতিয়াৰ কৰৈয়ানী আহমেদীয়া মাদ্ৰাছা প্ৰাঙ্গণত ঈদৰ নামাজৰ বাবে সমবেত হয় ভক্তপ্ৰাণ ৰাইজ ৷

আনহাতে সমাজ পৰা বাল্যবিবাহ, মদ,ভাং,গড় হত্যাকে আদি কৰি বিভিন্ন অসামাজিক কাম সমাজৰ পৰা নাইকিয়া কৰাৰ লক্ষ্যৰে কৰৈয়ানী আঞ্চলিক ঈদগাহ সমিতিয়ে আৰি থয় বিভিন্ন ধৰণৰ বেনাৰ পোষ্টাৰ ৷

ঈদৰ পৱিত্ৰ ক্ষণত কৰৈয়ানী আঞ্চলিক ঈদগাহ সমিতিৰ আদৰণীয় পদক্ষেপ
কংগ্ৰেট্চ অংকিতা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in