কংগ্ৰেট্চ অংকিতা !

কংগ্ৰেট্চ অংকিতা !

- মৃদুল কুমাৰ সন্দিকৈ

অংকিতা দত্ত । কংগ্ৰেছৰ সম্ভৱনাময়ী যুৱনেত্ৰীসকলৰ ভিতৰত অন্যতম । অধ্যয়ণশীল অংকিতা দত্ত পৰিশ্ৰমী আৰু খাৰাংখাচ । কিবা কাৰণত অংকিতাই উত্থাপন কৰিব লগীয়া হৈছিল নিজ দলৰ নেতৃত্বৰ বিৰুদ্ধেই অভিযোগ । অংকিতাৰ সেই অভিযোগৰ ভিত্তিত ৰাজনৈতিক আৰু অৰাজনৈতিক দুই দৃষ্টিকোণেৰেই ভিন্ন ব্যাখ্যা কৰিব পাৰি ।

অংকিতা দত্তৰ ক্ষোভ আছিল মূলত : দুজন ব্যক্তিৰ বিৰুদ্ধে । এগৰাকী হ'ল অসমৰ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা তেওঁক অপসাৰণ কৰা যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি শ্ৰী নিবাস বি ভি আৰু অসমৰ দায়িত্বত থকা আই ৱাই চিৰ সম্পাদক বৰ্ধন যাদৱৰ বিৰুদ্ধে ।

লিংগ বৈষম্য, মানসিক হাৰাশাস্তি আদি অভিযোগেৰে অংকিতাই অসমৰ ৰাজনীতিতেই নহয় সৰ্ব ভাৰতীয় পৰ্যায়তো কংগ্ৰেছৰ ভিতৰচ'ৰাত খলকনি তুলিছিল । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এইবোৰ চম্ভালিব নোৱাৰিলে ।

কেৱল কথাৰে ৰাজনীতি নহয় । ভূপেন বৰা এজন কথা চহকী নেতা হে । তাৰ বাদে তেওঁ কংগ্ৰেছৰ কিবা প্ৰকাৰে ৰাজ্যখনত সু-নেতৃত্ব দিব প‍াৰিছে বুলি মনে নধৰে । অংকিতা অধ্যায় তাৰ শেহতীয়া প্ৰমাণ ।

অংকিতাই দলৰ ভিতৰত প্ৰকাশ কৰা ক্ষোভ বা অসন্তুষ্টি এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও শেহতীয়া অসম বিধান সভাৰ নিৰ্বাচনৰ সময়ত অংকিতাৰ ধৰণ-কৰণক লৈ গুণা-গঠা চলিছিল । সেই সময়ত অংকিতাই গেৰুৱা সাজ পিন্ধিবই বুলি একাংশই চৰ্চা চলাইছিল ।

অংকিতাৰ এই ইছ্যুটোক লৈ বিজেপিয়ে শীতল খেল খেলিছে যদিও কংগ্ৰেছে সেই খেলৰ প্ৰত্যুত্তৰ দিব পৰা নাই । বিজেপি নেতাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াই অংকিতাৰ এই অধ্যায়ক অন্য ধৰণে ভবাৰ অৱকাশো দি যায় ।

সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাসৰ বিৰুদ্ধে অংকিতাৰ দিছপুৰ থানাত গোচৰ, সেই গোচৰক লৈ চি আই ডিৰ তৎপৰতা মন কৰিব লগীয়া । কংগ্ৰেছ এতিয়া সু-সংগঠিত দল হৈ নাই । কোনো ক্ষেত্ৰতেই দলীয় অনুশাসন, দলৰ দায়বদ্ধতাৰ প্ৰতি কোনো সচেতন নহয় । যাৰ যি ইচ্ছা কৰি যাব পৰা এক মুকলি মঞ্চ হৈ পৰিছে কংগ্ৰেছ ।

মুখত ডাঙৰ শ্লোগান আওৰালেও নিশকতীয়াৰ পৰা নিশকতীয়া হৈ পৰা কংগ্ৰেছৰ এনে অৱস্থাৰ পৰা ৰাজনৈতিক মুনাফা লুটিবলৈ শাসকীয় পক্ষ সদায় সাজু হৈ আছে । কোনো সুযোগৰ কৃপনালী কৰিব নোখোজে শাসক পক্ষই ।

অংকিতাক দলীয় অনুশাসন ভংগ কৰাৰ বাবে ২২ এপ্ৰিল,২০২৩ত কংগ্ৰেছৰ পৰা ৬ বছৰৰ বাবে নিলম্বিত কৰা হ'ল । এই নিৰ্দেশৰ পূৰ্বেই তেওঁক দলৰ পৰা নিলম্বন কৰা হৈছে বুলি অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যবাহী সভাপতি কমলাক্ষ দে' পুৰকায়স্থই ঘোষণা কৰিছিল । যাৰ বাবে ভূপেন বৰাই প্ৰথম অৱস্থাত ক'ব লগীয়া হৈছিল "তেনে কোনো সিদ্ধান্ত হোৱা নাই ।"

এয়াই কংগ্ৰেছ নেতৃত্বৰ মাজত সমন্বয়হীনতাৰ অভাৱৰ নমুনা । কোনো কোনোৱে এনেকৈ কৈয়ো সন্তুষ্টি লভিছে যে মুখ্যমন্ত্ৰীৰ ইছাৰাত অংকিতাই নাচিছে । অংকিতাক অসমৰ এগৰাকী জীয়ৰী আখ্যা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিকভাৱে এক অৰাজনৈতিক খেল আপাত: দৃষ্টিত খেলি দিলে ।

সাপো মৰক, লাঠিও নাভাগক জাতীয় এই খেল ভূপেন বৰাৰ সন্মুখতেই খেলা হ'ল যদিও ইয়াৰ প্ৰতিহত কৰা কোনো সুযোগ গ্ৰহণ কৰিব নোৱাৰিলে বৰাই ।

অংকিতাৰ নাম সাৰদাৰ গোচৰতো সাঙুৰ খাই থকাৰ অভিযোগ কংগ্ৰেছ নেতাই মনত পেলাই দিব লগীয়া হ'ল । তেওঁলোকৰ ধাৰণা স্বইচ্ছাই অংকিতাই কৰ্ণাটকৰ নিৰ্বাচনৰ পূৰ্বে এই খেল খেলা নাই । তেওঁক শিখণ্ডী কৰি অন্যই হে এই খেলত অৱতীৰ্ণ হৈছে ।

তাৰ যুক্তি হিচাপে এই সকলে কিছু দিনৰ পূৰ্বে অংকিতাক সাৰদাৰ কেলেংকাৰী সন্দৰ্ভত চি বি আইয়ে কৰা জেৰাৰ কথাও আঙুলিয়াই দিছে । এতিয়া ৰাজনীতিত দেখাতোৱেই সঁচা নহয় । আঁৰৰ আঁৰতো থাকে আন কিছু কাৰক ।

ৰাতিৰ ভিতৰতেই কোন কেতিয়া কাৰ শৰণাপন্ন হ'ব লাগে তাৰ একো ঠিক নাইকীয়া হৈছে । কোন নেতা কোন দলত থাকিব পাৰিব কিমান দিন এই গেৰান্টী নেতাই নিজৰ বাবেও নিজেই ল'ব নোৱাৰে । ভয়-ভাবুকি, প্ৰত্যক্ষ-প্ৰৰোক্ষ হেচাই ৰাজনীতিত নেতাসকলক কাবু কৰি পেলাইছে ।

সত্যপাল মালিক নামৰ বিজেপিৰ একালৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন জম্মু-কাশ্মীৰৰ ৰাজ্যপাল জনৰেই এতিয়া কি অৱস্থা । তেওঁৰ প্ৰতি খং - কিয় ক'ব মুকলিকৈ পুলৱামাৰ কথা ? পুলৱামা কাণ্ডৰ আঁৰৰ কথাবোৰ ক'বলৈ গৈ সত্যপাল মালিকে পালে চি বি আইৰ চমন ।

চি বি আই, ই ডি আদি বিৰোধী পক্ষত থকা নেতাসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰা একোপাত পশুপাত অস্ত্ৰ হৈ পৰিছে । কেজৰিৱাল, সত্যেন্দ্ৰ জৈন, মনীষ চিছোদিয়া আদিয়ে মূৰ তল নকৰাৰ পৰিণাম ভূগিছে ।

বুদ্ধিমান জনে ৰাজনৈতিক পৰিচয় সলাই নিশাৰ ভিতৰতে নাম-ঠিকনা সলনি কৰিছে । নকৰা সকলে এন ইনছ্পেক্টৰ্ছ কলৰ দৰে পাইছে চি বি আই, ই ডি কলছ ।

চাই যাওক ক'ৰ পানী ক'লৈ যায় । বিৰোধীমুক্ত ভাৰত, কংগ্ৰেছমুক্ত ভাৰত আদি শব্দবোৰ শুনিবলৈ ভাল লগা । কিন্তু গণতন্ত্ৰত এনেদৰে বিৰোধীমুক্ত কৰা প্ৰৱণতা বৰ শুভ লক্ষণ নহয় । এইয়া গণতন্ত্ৰৰ পৰা স্বেচ্ছাস্বাৰীতাতন্ত্ৰলৈ সলনি হ'ব খোজা এক লক্ষণ ।

ৰাজনীতিত এতিয়া অৰাজনীতিৰ ঘূণে ধৰিছে । পাশা খেলৰ দৰেই হৈ পৰিছে ৰাজনীতি, মানুহ হৈছে দিক্ভ্ৰান্ত । আমি গান্ধী, গান্ধী বুলি কেৱল এটা গান্ধী পৰিয়ালক মানি ল'ব নোৱাৰো । তেনেকৈ মোডী, মোডী বুলি এজন লোকক সৰ্বগ্ৰহণযোগ্য ৰূপত সদায় মানি ল'বও নোৱাৰি ।

এদিন এইবোৰ আমনি লগা হ'ব । গণতন্ত্ৰত শাসক-বিৰোধীৰ সমান ভূমিকা আছে। নেতা আহিব, যাব কিন্তু দেশ এক ধাৰাবাহিকতাৰ মাজেৰেই চলি থাকিব লাগিব । অংকিতাই নিজৰ সিদ্ধান্ত নিজেই ল'ব ।

কিন্তু আমি সেই ৰাজনৈতিক প্ৰেক্ষাপটবোৰৰ মাজতেই থাকি আমাৰ চকুৰ সন্মুখত ঘটি থকা ঘটনাবোৰৰ নীৰৱ দৰ্শক হৈ ৰৈ থকাৰ বাদে আজিৰ তাৰিখত আছে জানো কিবা উত্তৰ আমাৰ হাতত ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in