/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/6854ad6b-3a44-4740-a6f2-7fa3662b02e1/105.jpg)
ডিজিটেল ডেস্ক : "মন মেৰি ৰাম চৰণেহি লাগু। তই দেখনা অন্তক আগু॥ মন আয়ু ক্ষণে ক্ষণে টুটে। দেখো প্ৰাণ কোনদিনে ছুটে ।। মন কাল অজগৰে গিলে। জান তিলেক মৰণ মিলে...॥" আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে গুৰুজনাৰ ৪৫৫ সংখ্যক পূণ্যতিথি।
পুৱাৰে পৰা নাম-প্ৰসংগৰে ৰাজ্যৰ আকাশে-বতাহে মুখৰিত হৈছে হৰিনামৰ ধ্বনি। সত্ৰভূমি মাজুলী,সত্ৰনগৰী বৰপেটাৰ লগতে জন্মস্থান বৰদোৱাৰ আলিপুখুৰীতো ভকত-বৈষ্ণৱে গুৰুজনাৰ নাম-কীৰ্তন কৰিছে।
ভক্তিৰসত বুৰ গৈছে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰ। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা সত্ৰ-নামঘৰসমূহত ভক্তপ্ৰাণ ৰাইজে বৰগীত গাই,শৰাই-নাম-প্ৰংসংগৰে গুৰুজনালৈ জনাইছে প্ৰণিপাত।
Also Read: শিলচৰ NIT ত উত্তপ্ত পৰিস্থিতি : অনিৰ্দিষ্টকাললৈ প্রতিষ্ঠান বন্ধ কৰি দিয়াৰ ঘোষণা