/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/17702dc8-038e-46a6-a2e2-2ec5ebaf97e4/104.jpg)
ডিজিটেল ডেস্ক : ছাত্রৰ আত্মহত্যাক কেন্দ্র কৰি শুকুৰবাৰে নিশা শিলচৰ এন আই টিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শ শ ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰিলে শিক্ষা প্রতিষ্ঠানখনৰ ডীন বিনয়কৃষ্ণৰয়ৰ বাসগৃহ। ইমানেই নহয় উত্তেজিত শিক্ষাৰ্থীয়ে ডীন বিনয়কৃষ্ণক সপৰিয়ালে বাসগৃহত আৱদ্ধ কৰি বাহনো লণ্ড-ভণ্ড কৰে।
শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদৰ ফলত সৃষ্টি হোৱা অনাকাংখিত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীয়ে লাঠিচাৰ্জ কৰে। বাধা দিয়া আৰক্ষীক উদ্দেশ্যি শিল নিক্ষেপ একাংশ উত্তেজিত শিক্ষাৰ্থীৰ। দুই পক্ষৰ হতাহতিত কেইবাজনো আৰক্ষীসহ শিক্ষাৰ্থী আহত হয়।
পৰিস্থিতি যথেষ্ট উত্তপ্ত হোৱাত কাছাৰ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায়। উত্তেজিত ছাত্রই ভাঙি চূড়মাৰ কৰে কেইবাখনো বাহন। ইফালে পৰিস্থিতি অধিক অৱনতি হ’লে অনিৰ্দিষ্টকাললৈ প্রতিষ্ঠানখন বন্ধ কৰি দিয়াৰ ঘোষণা কৰে।
Also Read: শ্ৰেষ্ঠ নেতাৰ তালিকাৰ শীৰ্ষত নৰেন্দ্ৰ মোডী