/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/07357c1c-3902-4a6f-8ade-0ee24e659108/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও বিশেষ কাৰাগাৰৰ এজন কয়দীয়ে পলায়ন কৰা এক ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। নগাঁও বিশেষ কাৰাগাৰত থকা মনোৱাৰ হুছেইন নামৰ কয়দীজনক দেওবাৰে নিশা অসুস্থতাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষই চিকিৎসালয়লৈ নিয়াৰ পথত কয়দীজনে সুযোগ বুজি পলায়ন কৰে ।
এগৰাকী কিশোৰীক নিৰ্যাতনৰ গোচৰত অভিযুক্ত মনোৱাৰ হুছেইন। হোজাই জিলাৰ মোৰাঝাৰ থানাত ৰুজু হৈ থকা ৭৬/২৩ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে POCSO আইনৰ অধীনত অভিযুক্ত মনোৱাৰ হুছেইনক চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰি জেইল-হাজোতলৈ প্ৰেৰণ কৰিছিল । আনহাতে পলাতক আচামী মনোৱাৰ হুছেইনক কৰায়ত্ত কৰিবৰ বাবে আৰক্ষীয়ে অভিযান চলাইছে যদিও বাতৰি লিখা পৰলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই।
Also Read: মথুৰাপুৰত চৰাইদেউ প্ৰেছ ক্লাবৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস