পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ

পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ

author-image
asomiyapratidin
New Update
পৌৰ নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু ধুবুৰী নিৰ্বাচন জিলা প্ৰশাসন

ডিজিটেল ডেস্ক: শুকুৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। সুদীৰ্ঘ ৯ বছৰৰ মুৰত অনুষ্ঠিত হৈছে গুৱাহাটী পৌৰ নিগম নিৰ্বাচন।

এইবেলি নিৰ্বাচনত ১৯৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ ৭,৯৭,৮০৭ গৰাকী ভোটাৰে। ইয়াৰে ৩,৯৭,১২৮ গৰাকী পুৰুষ, ৪০০৫৬৪ গৰাকী মহিলা ভোটা আৰু ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

গুৱাহাটীৰ ৭৫৭ টা ভোটকেন্দ্ৰত হ'ব ভোটগ্ৰহণ। এইবাৰ এই নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটে ৬০ টা ৱাৰ্ডত প্ৰাৰ্থী দিছে। ইতিমধ্যে ইয়াৰ ৩টা ৱাৰ্ডত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে।

এই নিৰ্বাচনত বিজেপিয়ে ৫০, অগপই ৭, কংগ্ৰেছে ৫৪, আম আদমী পাৰ্টীয়ে ৩৯ টা ৱাৰ্ডত প্ৰাৰ্থী দিছে। ইয়াৰোপৰি অসম জাতীয় পৰিষদে ২৫ টা আৰু এন চি পিয়ে৩, চি পি আই(এম)য়ে ৪টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

আৰু পঢ়ক: নতুন বিকল্প! 'আপ'ৰ আগমনত ৰাজনীতিত নতুন ধুমুহা…

assam bjp guwahati municipal election congress