নতুন বিকল্প! ‘আপ’ৰ আগমনত ৰাজনীতিত নতুন ধুমুহা…

নতুন বিকল্প! ‘আপ’ৰ আগমনত ৰাজনীতিত নতুন ধুমুহা…

বৰষা শৰ্মা

ৰাজনীতি আমাৰ সমাজ জীৱনৰ এক অৱিচ্ছেদ্য অংগ। সমাজ জীৱনৰ পৰা আৰম্ভ কৰি অৰ্থনীতি আদি সকলোতে জড়িত ৰাজনীতি। বৰ্তমান সময়ত অসমৰ ৰাজনীতিৰ কথা ক'বলৈ হ'লে বিজেপিৰ অভুতপূৰ্ব উত্থানৰ কথা ক'বই লাগিব।

অসমত বিজেপিৰ উত্থানৰ গতিয়ে এফালৰ পৰা নোহোৱা কৰাৰ উপক্ৰম কৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ অস্তিত্বক। যিটো সময়ত বিৰোধী হিচাপে কংগ্ৰেছে এক বিশেষ ভূমিকা পালন কৰিব লাগিছিল তেনে সময়ত কংগ্ৰেছ নিশ্চিহ্ন হোৱাৰ পথত গতি কৰিছে। ইজনৰ পাছত সিজন নেতাই ত্যাগ কৰিছে কংগ্ৰেছ। যাৰ বাবে উপযুক্ত বিৰোধী বিহীনভাৱে বিজেপিয়ে শাসন চলাই গৈছে।

দেশ বা ৰাজ্য ভালদৰে চলিবলৈ হ'লে বা ৰাজনীতি ভালদৰে পৰিচালিত হ'বলৈ হ'লে উপযুক্ত বিৰোধী থকাটো অত্যন্তই প্ৰয়োজন। কিন্তু বিৰোধী অৱিহনে এখন সমাজৰ উন্নতি অসম্ভৱ। কা- আন্দোলনৰ প্ৰেক্ষাপটত গঠন হৈছিল দুটাকৈ ৰাজনৈতিক দল। কিন্তু সেই দল দুটাৰ ৰাজনৈতিক সম্ভাৱণা এতিয়া শেষ হোৱাৰ দৰে। ৰাইজৰ কাষ চাপিবলৈ যি ধৈৰ্য আৰু উদ্যোগৰ প্ৰয়োজন তেনে প্ৰচেষ্টা নতুনকৈ অসমৰ ৰাজনীতিত ভুমুকি মৰা আঞ্চলিক দল দুটাৰ মাজত দেখিবলৈ পোৱা নগ'ল। যাৰ ফলত ৰাইজৰ কাষ চাপিবলৈ সক্ষম নহ'ল দল দুটা।

মানুহে সকলো দেখি আছে, বুজি আছে। যাৰ বাবে হয়তো সন্ধান কৰিছে বিকল্পৰ। কিন্তু বৰ্তমান অসমৰ ৰাজনীতিত বিকল্প দল নাই বুলিবই পাৰি। কংগ্ৰেছ,এআইইউডিএফ আদি লগ হৈ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ সাজু হৈছিল কিন্তু সেয়াও সময়ত ফুটুকাৰ ফেনত পৰিণত হ'ল।

অভিযোগ-প্ৰতিঅভিযোগৰ মাজতই শেষ হ'ল তেওঁলোকৰ বিৰোধীৰ ভুমিকা। বিৰোধী ইমানেই দুৰ্বল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিব পাৰে যে ৭০ বছৰলৈ তেওঁৰ মানুহ কংগ্ৰেছ দলত থাকিব। তেওঁ দাবী কৰে যে তেওঁ এনে এক সম্পৰ্ক বনাই থৈছে যে তেওঁ বিৰোধীৰ ভিতৰচ'ৰাৰ খবৰো অতি সহজে পায়।

হিমন্ত বিশ্বৰ দৰে এগৰাকী বিচক্ষণ, বুদ্ধিমত্তা ৰাজনীতিকৰ কথা আমি নুই কৰিব নোৱাৰো। যাৰ ছত্ৰছায়াত বিজেপি অপ্ৰতিৰোধ্য ভাৱে অসমত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু কিমান দিনলৈ থাকিব এই বিৰোধীবিহীন ৰাজনীতি। মানুহে সন্ধান কৰিছে বিকল্পৰ। বিজেপিৰ পৰা একাংশ অতিষ্ঠ হোৱাৰ মাজতেই কংগ্ৰেছৰ বাবে এক সুযোগ আছিল নিজক পুনৰ প্ৰতিষ্ঠা কৰাত। কিন্তু কংগ্ৰেছ এই ক্ষেত্ৰত বিফল হোৱাৰ দৰে।

ইয়াৰ মাজতে অতি লাহে লাহে অসমত খুপনি পুতিবলৈ আগবাঢ়ি আহিছে আম আদমী পাৰ্টীয়ে। মানুহে সন্ধান কৰি থকা বিকল্পৰ মাজতেই আপে লৈ আহিছে এক আশাৰ ৰেঙণি। এক সঠিক সময়ৰ সুযোগ লৈ আপে ইতিমধ্যে অসমত পৌৰসভা নিৰ্বাচনত ২খন আসন লাভ কৰি অসমৰ ৰাজনীতিত নিজৰ নাম লিখিছে।

২২ এপ্ৰিল গুৱাহাটীত অনুষ্ঠিত হ'ব পৌৰনিগমৰ নিৰ্বাচনত। এই নিৰ্বাচনত ইতিমধ্যে কেইবাটাও ৱাৰ্ডত প্ৰাৰ্থীও আগবঢ়াইছে। ইয়াৰ মাজতে পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ শেষৰ দিনা গুৱাহাটীত বিশাল ৰড শ্ব' কৰে আপে। এই ৰ'ড শ্ব'ত আপৰ ৰাষ্ট্ৰীয় নেত্ৰীৰ লগতে দেখা যায় বহু সমৰ্থকক।

নিৰ্বাচনৰ বাবে আপে ৰাইজৰ মাজতেই বিভিন্ন সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতি দিছে। গুৱাহাটী বাসীয়ে দীৰ্ঘদিন ধৰি ভুগি থকা পানীৰ সমস্যাৰ কথাও কয় আপে। আপৰ নেত্ৰীয়ে কৈছে কাষতে ব্ৰহ্মপুত্ৰ, কিন্তু দিল্লীতকৈ সৰু গুৱাহাটীত পানী নাই কিয়? আপৰ নেত্ৰী আতিশী মাৰ্লিনাই এয়াও দাবী কৰিছে যে নিগমৰ নিৰ্বাচনৰ জৰিয়তে অসমৰ ৰাজনীতিত চমকপ্ৰদ প্ৰৱেশ ঘটিব আম আদমী পাৰ্টীৰ।

বৰ্তমান গুৱাহাটীত বিভিন্ন সংকটে দেখা দিছে। আকাশলংঘী মূল্য, সংস্থাপনহীনতা, পানীৰ সংকটকে ধৰি বিভিন্ন সমস্যাই আগুৰি ধৰি মহানগৰবাসীক। এই সমস্যা সমূহকে দৃষ্টি গোচৰ কৰি প্ৰথমবাৰৰ বাবে আপে কৰিছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা।

লক্ষণীয়ভাৱে এই নিৰ্বাচনত প্ৰাৰ্থী আগবঢ়োৱা নাই এআইইউডিএফ আৰু ৰাইজৰ দলে। এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছেই শাসকীয় বিজিপি মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাব পাৰিব লাগিছিল। কিন্তু বহু কেইটা ৱাৰ্ডত কংগ্ৰেছৰ সবল স্থিতিৰ উমান দিব পৰা নাই। দিবনো কেনেকৈ কংগ্ৰেছৰ অন্তৰ্কন্দলৰ বাবেই বহু নেতাই দল ত্যাগ কৰা বুলি যুক্তি দাঙি ধৰিছে।

এই সময়চোৱাত ৩৯ টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰা আপ বিজেপিৰ বাবে মুৰৰ কামোৰণি হোৱা যেন পৰিলক্ষিত হয়।
আপে পৌৰনিগম নিৰ্বাচনত ভাল ফল পাওক বা নাপাওক, দলটোৱ যে পৰৱৰ্তী সময়ত অসমৰ ৰাজনীতিৰ বাবে এক নতুন সমীকৰণ সৃষ্টি কৰিবলৈ গৈ আছে সেয়া স্পষ্ট হৈ পৰিছে।

এই কথাটো শাসকীয় পক্ষইও লক্ষ্য নকৰা নহয়। শাসকীয় দলটোৱে হয়তো এক ইংগিত লাভ কৰিছে যে পৰৱৰ্তী সময়তস আপ হৈ পৰিব তেওঁলোকৰ উপযুক্ত বিৰোধী। ইতিমধ্যে বিজেপি নেতা পিযুষ হাজৰিকাই আপৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি মন্তব্যও কৰিছে।

তদুপৰি এই সময়ত একাংশ যুৱ প্ৰজন্মৰ মাজতো আপৰ জনপ্ৰিয়তা দেখিবলৈ পোৱা যায়। হয়তো আপৰ নিৰ্বাচনৰ ফলাফল ইমান ভাল নহ'ব, কিন্তু আপৰ এই অসম আগমনে যেন কৈ গ'ল – অসমত হ'বলৈ গৈ আছে নতুন ৰাজনৈতিক সমীকৰণৰ আৰাম্ভণী। আপে যেন চিনাকী কৰাই দিলে এক বিকল্পৰ।

আপৰ এই আগমনে কিছু পৰিমাণে বিপদ মাতি আনিব বিজেপিলৈ। ৰাইজৰ বিৰোধীতা বা অসমৰ জনসাধাৰণক আঘাত কৰি বিজেপিয়ে লোৱা কিছুমান সিদ্ধান্তৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছে জনতা। তাৰমাজতে বিভিন্ন আঁচনি বা প্ৰকল্পৰ নামত চৰকাৰে কৰা ধনৰ অপচয় নতুন নহয়।

ৰাজনীতিৰ প্ৰেক্ষাপট সলনি হৈছে। প্ৰজাৰ কথা ভাৱিব এৰি নেতা সকলে দৌৰিছে ক্ষমতাৰ পাছত। কাপোৰ সলোৱা দি সলাইছে দল। তেওঁলোকৰ আদৰ্শ সলনি হ'বলৈ সময় নালাগে। বছৰ বছৰ ধৰি এটা দলৰ বাবে কাম কৰি যোৱা এজনেও কেৱল ক্ষমতাৰ বাবে দল ত্যাগ কৰে। ৰাইজৰ ভালৰ বাবে অন্য দললৈ গৈ কাম কৰাৰ মন বুলি কোৱাটো একাংশ নেতাৰ স্বভাৱলৈ পৰিণত হৈছ। তেওঁলোকৰ বাবে আদৰ্শ বুলিবলৈ একো নাই. সকলো কেৱল ক্ষমতাৰ পিপাসু।

যি নহওত, গণতন্ত্ৰত ৰাইজে ৰজা। ক্ষমতাৰ বাঘজৰী লৈ বহি থকা জনে যিমানেই চেষ্টা নকৰক কিয় ৰাইজে যি বিচাৰে তাকেই হ'ব। নতুন বিকল্পৰ সন্ধান কৰি থকা ৰাইজে হয়তো পৰৱৰ্তী সময়ত অসমৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in