আজি গান্ধী জয়ন্তী

গান্ধী জয়ন্তী উপলক্ষ্যে গুৱাহাটী মহানগৰীস্থিত গান্ধী মণ্ডপ সজাই-পৰাই তোলা হৈছে।

author-image
Asomiya Pratidin
New Update
আজি গান্ধী জয়ন্তী

ডিজিটেল ডেস্ক : আজি ২ অক্টোবৰ;গান্ধী জয়ন্তী। জাতিৰ পিতা-মহামানৱ মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী তিথি। এই পবিত্ৰ দিনটোত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি সন্মান তথা শ্ৰদ্ধা জনাই সমগ্ৰ দেশজুৰি পালন কৰা হ'ব গান্ধী জয়ন্তী।

Advertisment

সমগ্ৰ দেশৰ লগতে অসমতো ৰাজ্য চৰকাৰৰ উদ্যোগত এই পবিত্ৰ দিৱসটি পালন কৰা হ'ব। ইতিমধ্যে গান্ধী জয়ন্তী উপলক্ষ্যে গুৱাহাটী মহানগৰীস্থিত গান্ধী মণ্ডপ সজাই-পৰাই তোলা হৈছে। বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হ'ব আজিৰ এই পবিত্ৰ দিৱসটি।

উল্লেখ্য যে,গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত সমগ্ৰ দেশতে 'স্বচ্চতাহি সেৱা' শীৰ্ষক কাৰ্য্যসূচী পালন কৰা হৈছিল। অসমৰ বিভিন্ন প্ৰান্ততো মন্ত্ৰী-বিধায়কসকলৰ নেতৃত্বত এই কাৰ্য্যসূচী সম্পন্ন কৰা হৈছিল।

আনহাতে আজিৰ এই দিনটোতে জন্মলাভ কৰিছিল স্বাধীন ভাৰতৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে। ১৯০৪ চনৰ ২ অক্টোবৰৰ দিনটোত প্ৰাক্তন প্ৰধানমন্ত্ৰী শাস্ত্ৰীয়ে উত্তৰ প্ৰদেশত জন্ম লাভ কৰিছিল। তেওঁৰ প্ৰতিয়ো সন্মান জনাই পালন কৰা হ'ব জন্ম দিৱস।

Also Read: চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

lal bahadur shastri mahatma gandhi