/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e99effc0-9cec-4b8d-8758-9eb8b6245b9c/tmpk.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ লগতে এখন প্ৰগতিশীল আৰু সংস্কাৰী সমাজ প্ৰতিষ্ঠাৰ হকে নিৰন্তৰ প্ৰয়াস চলাই আহিছে জাতীয় সংগঠন টাকাম মিচিং পৰিন কৌবাং আৰু মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংয়ে। অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভৈয়াম জনগোষ্ঠীটোৰ এই তিনি জাতীয় সংগঠনৰ শক্তিশালী ঢকুৱাখনা জিলা সমিতি ৩খন পূৰ্ণাংগ ৰূপত গঠন কৰা হৈছে।
পূব ঢকুৱাখনাৰ কৰ্মবীৰ বিমলা কান্ত দলে লত্তাত দেওবাৰে সম্পন্ন হোৱা সংগঠন দুটাৰ ষষ্ঠদশ , দ্বাদশ আৰু ত্ৰুয়োদশ বাৰ্ষিক সাধাৰণ অধিবেশনৰ প্ৰতিনিধি সভাই তিনিখন জিলা সমিতি পূৰ্ণাংগ ৰূপত গঠন কৰি অনাগত ৩ বছৰীয়া কাৰ্যকালৰ বাবে সাংগঠনিক দায়িত্ব অৰ্পণ কৰে। টাকাম মিচিং পৰিন কৌবাংৰ প্ৰতিনিধি সভাত কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক চান পাংগিং আৰু দিব্য খামতি পৰ্যবেশক হিচাবে উপস্থিত থাকি প্ৰতিনিধি সকলৰ সহমতৰ ভিত্তিত সঞ্জীৱ দলেক সভাপতি আৰু অমৰজিত দলেক সম্পাদক হিচাবে নিৰ্বাচিত কৰে ।
ইয়াৰোপৰি উপ সভাপতি হিচাবে ভীষ্ম চুংক্ৰাং, ভূপেন দলে , হেমেন পেগুক, সহকাৰী সাধাৰণ সম্পাদক হিচাবে ইন্দিবৰ কমান ,ভদ্ৰ কান্ত টাইদ ,পুতুল দলে , শ্যাম পাতিৰ চন্দ্ৰণ পেৰমেক , মুখ্য নাথ দলেক সাহিত্য সম্পাদক হিচাবে ,খৰ্গেশ্বৰ দলেক শিক্ষা সম্পাদক হিচাবে , অনিল দলেক ক্ৰীড়া সম্পাদক হিচাবে ,বিজু পেগুক সাংস্কৃতিক সম্পাদক হিচাবে আৰু ভৰত দলেক কাৰ্য্যালয় সম্পাদক হিচাবে নিৰ্বাচিত কৰা হয়।
তেনেদৰে মিচিং মিমাগ কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ প্ৰতিনিধি সভাত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া দিলীপ পেগু আৰু প্ৰতাপ টায়ে পৰ্যবেশক হিচাবে উপস্থিত থাকি সৰ্বসন্মত ভাবে দ্বীপেন দলেক সভাপতি আৰু গণেশ দলেক সম্পাদক হিচাবে নিৰ্বাচিত কৰে ।
তদ্রুপ ভাবে টাকাম মিচিং মিমে কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ নেত্ৰী ববিতা পাদুন আৰু লাবন্য মিলি পৰ্যবেশক হিচাবে উপস্থিত থাকি নিশা পাতিৰক সভানেত্ৰী আৰু বালাজ্যোতি দলেক সম্পাদিকা হিচাবে প্ৰতিনিধি সভাৰ সিদ্ধান্ত মৰ্মে নিৰ্বাচিত কৰা হয় । নব নিৰ্বাচিত জিলা সমিতি কেইখনে শীঘ্ৰেই অনাগত ৩ বছৰীয়া কাৰ্যকালৰ বাবে দায়িত্ব ভাৰ গ্ৰহণ কৰিব বুলি জনা গৈছে।
ইপিনে নব নিৰ্বাচিত টি এম পি কেৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ দলে আৰু সম্পাদক অমৰজিত দলে ,এম এম কেৰ সভাপতি দ্বীপেন দলেয়ে এখন শিক্ষিত , বিজ্ঞানমনস্ক ,উত্তৰণমুখী, প্ৰগতিশীল আৰু আত্মনিৰ্ভৰশীল সমাজ গঢ়াত মনোনিবেশ কৰাৰ উপৰিও জাতিয় অভাৱ সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিব বুলি কৈ অনাগত কাৰ্যকালত অগ্ৰজ অনুজ কৰ্মকর্তা আৰু শুভাকাংক্ষী সকলৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে । নৱনিৰ্বাচিত জিলা সমিতি সমূহক সমূহ বাংকে সমিতিয়ে অভিনন্দন জনাইছে।
আৰু পঢ়ক: নগাঁৱত দুই মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক