নগাঁৱত দুই মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক

ধাৰাবাহিক ভাবে এছ আই জোন মণি ৰাভাই অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ পুৱাতে নগাঁও ৰেল ষ্টেচনৰ সমীপত অভিযান চলাই আটক কৰে দুই মষ্ট ৱান্টেড ড্ৰাগছ সৰবৰাহকাৰী মহিলাক ৷
নগাঁৱত দুই মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক

ডিজিটেল সংবাদ,নগাঁও : ধাৰাবাহিক ভাবে এছ আই জোন মণি ৰাভাই অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ পুৱাতে নগাঁও ৰেল ষ্টেচনৰ সমীপত অভিযান চলাই আটক কৰে দুই মষ্ট ৱান্টেড ড্ৰাগছ সৰবৰাহকাৰী মহিলাক ৷ মহিলা দুগৰাকীৰ নাম হৈছে আনোৱাৰা বেগম , শ্বাহানাৰা বেগম ৷

মৰিকলঙ টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই জোন মণি ৰাভাই গোপন সুত্ৰৰ পম খেদি হোটেলবাৰীত অভিযান চলাই ৷ এই অভিযান কালত আনোৱাৰা বেগম ওৰফে টাক্কানিক ড্ৰাগছ সহ কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে আনোৱাৰা বেগমৰ জিম্মাৰ পৰা ৫০ টা হেৰ’ইন ভৰ্তি কন্টেনাৰ উদ্ধাৰ কৰে ৷ আনোৱাৰাক সহায় কৰি অহা শ্বাহানাৰা বেগমকো আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ পূৰ্বতে আনোৱাৰাক আৰক্ষীয়ে একাধিকবাৰ গ্ৰেপ্তাৰ কৰি কাৰাগাৰালৈ প্ৰেৰন কৰিছিল ৷

আৰু পঢ়ক: দুৰ্নীতিৰ অভিযোগত আটক জয়নগৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in