ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ মহিলা আৰু নিবনুৱা যুৱক-যুৱতীৰ মাজত মেচিন আৰু ই-ৰিক্সা বিতৰণ

ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ মহিলা আৰু নিবনুৱা যুৱক-যুৱতীৰ মাজত মেচিন আৰু ই-ৰিক্সা বিতৰণ

ডিজিটেল সংবাদ, মেৰাপানীঃ ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ মহিলা আৰু নিবনুৱা যুৱক যুৱতী সকলৰ স্বাৱলম্বিতাৰ প্ৰতি লক্ষ্য ৰাখি ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ দৈয়াং-চাউদাং সমষ্টিত বিতৰণ কৰা হয় বিভিন্ন সামগ্ৰী। এই সমষ্টিটোৰ কাৰ্যবাহী সদস্য পদ্মেশ্বৰ শইকীয়াৰ উদ্যোগত পৰিষদীয় সমষ্টিটোৰ ২৪ গৰাকী লোকক মঙলবাৰে চিলাই মেচিন আৰু ই-ৰিক্সা বিতৰণ কৰা হয়।

ঠেঙ্গাল কছাৰী স্বায়ত্ত পৰিষদৰ কাৰ্যৱাহী সদস্য পদ্মেশ্বৰ শইকীয়াৰ বাসগৃহত অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই সামগ্ৰী সমূহ বিতৰণ কৰা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমাজকৰ্মী পোনা বৰাৰ লগতে দৈয়াং জিলা পৰিষদৰ সদস্য অৰুণ ৰাজবংশীয়ে। দৈয়াং গাওঁবুঢ়া সন্থাৰ সভাপতি মুনিন্দ্ৰ শইকীয়া আৰু সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ কাৰ্যৱাহী সদস্য ৰাজু সোণোৱাল উপস্থিত থকা বিভিন্ন অনুদান বিতৰণ সভাখনত উপস্থিত থাকি হিতাধীকাৰী সকলক সাহাৰ্য সমূহ বিতৰণ কৰে।

উল্লেখ্য যে ঠেঙ্গাল কছাৰীৰ পৰিষদৰ অধীনৰ অনা ঠেঙ্গাল লোককো তেওঁলোকৰ সাহাৰ্য, অনুদান সময়ে সময়ে প্ৰদান কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকললৈ শিক্ষাৰ জলপানী প্ৰদান কৰি অহা বুলিও জানিবলৈ দিয়ে কাৰ্যবাহী সদস্য পদ্মেশ্বৰ শইকীয়াই।

ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ মহিলা আৰু নিবনুৱা যুৱক-যুৱতীৰ মাজত মেচিন আৰু ই-ৰিক্সা বিতৰণ
দোকানত জুই লাগি একেটা পৰিয়ালৰে প্ৰাণ গ'ল ৩ জনৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in