ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰ মুকলি বিহু সমিতিৰ প্ৰবীন বিহুৱা মোহন শইকীয়ালৈ “ধনকেতেকী” উপাধি

ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰ মুকলি বিহুত বৃদ্ধ-বৃদ্ধাসকলৰ সীমাহীন আনন্দৰ পৰিৱেশ বিৰাজমান কৰে

author-image
Asomiya Pratidin
New Update
ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰ মুকলি বিহু সমিতিৰ প্ৰবীন বিহুৱা মোহন শইকীয়ালৈ “ধনকেতেকী” উপাধি

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰঙালী বিহু। সমান্তৰালভাৱে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰতো উদযাপন কৰা হয় মুকলি বিহু ৷

Advertisment

বৰপুখুৰীপাৰৰ মুকলি বিহুখনিয়ে এইবাৰ গৌৰবোজ্জ্বল ৬২ বছৰত ভৰি দিছে। উদযাপন সমিতিয়ে জনোৱা অনুসৰি বিহুমেলাৰ প্ৰথম দিনৰ কাৰ্যসূচী আদহীয়া বিহু অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত আন আন লোকসকলকৰ সৈতে অঞ্চলটিৰ ৮০ উৰ্দ্ধৰ প্ৰবীন বিহুৱা মোহন শইকীয়াইও বিহুনাম জুৰে ৷

ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰ মুকলি বিহুত বৃদ্ধ-বৃদ্ধাসকলৰ সীমাহীন আনন্দৰ পৰিৱেশ বিৰাজমান কৰে ৷ কাইলৈ প্ৰবীন বিহুৱা মোহন শইকীয়াক প্ৰদান কৰা হ’ব “ধনকেতেকী” উপাধি ৷ বৰপুখুৰীপাৰ মুকলি বিহু স্থায়ী কমিটি আৰু উদযাপন সমিতিয়ে বিহুৱাগৰাকীক এই উপাধি প্ৰদান কৰিব বুলি জনায় ৷

Also Read: চাকৰিত যোগদানত বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰি উত্তপ্ত অৰুণাচলৰ ডিৰাক গে'ট

Bohag Bihu