/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f367de5b-3868-4434-a85c-f8f2d202028a/arunachal.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া : চাকৰিত যোগদান কৰিবলৈ যোৱা প্ৰাৰ্থীক বাধা প্ৰদানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। এই ঘটনা সংঘটিত হৈছে অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ডিৰাক গে'টত।
জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুন থানাৰ অন্তৰ্গত ইনাও খুমচাইত থকা অইল ইণ্ডিয়াৰ ই পি এচত অগ্নিনিৰ্বাপক সেৱাত যোগদান কৰিবলৈ যোৱা ১৪ যুৱক-যুৱতীক খুমচাইৰ স্থানীয় ৰমেশ গগৈ নামৰ লোকজনে চাকৰিত যোগদানৰ বাধা প্ৰদান কৰাৰ লগতে ধনদাবী কৰাক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ডিৰাক গে'ট ।
অন্যহাতে ঘটনাৰ সন্দৰ্ভত ভুক্তভোগীয়ে ডায়ুন থানাত এজাহাৰ দাখিল কৰাৰ পিছতো ডায়ুন আৰক্ষীয়ে গোচৰ ৰুজু নকৰাত তথা ৰমেশ গগৈক আটক নকৰাত প্ৰতিবাদমুখৰ হৈ পৰে চাকৰি লাভ কৰা ১৪ প্ৰাৰ্থীৰ লগতে লেকাং চাৰ্কোলৰ কেইবাটাও সংগঠন । মঙলবাৰে পুৱাৰে পৰা লেকাংক চাৰ্কোলৰ বিভিন্ন যুৱ আৰু ছাত্ৰ সংগঠনৰ নেতৃত্বত শতাধিক লোকে ডিৰাক গে'টত অৱস্থান কৰি ৰমেশ গগৈক গ্ৰেপ্তাৰ, ডায়ুন থানাৰ অ' চিক নিলম্বন আৰু চাকৰি প্ৰাৰ্থীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ।
ফলত কেইবাঘন্টা ধৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাজ্য দুখনৰ মাজত যোগাযোগ সম্পূৰ্ণ ব্যাহত হৈ পৰে । অভিযোগ অনুসৰি অইল ইণ্ডিয়াৰ ফায়াৰ চেফটি চাৰ্ভিচত চাকৰি লাভ কৰা দুই যুৱতীসহ অসমৰ ৬ গৰাকী আৰু অৰুণাচলৰ ডায়ুন আৰু মহাদেৱপুৰৰ আঠগৰাকীসহ মুঠ ১৪ গৰাকী চাকৰি প্ৰাৰ্থীয়ে যোৱা ৫ এপ্ৰিলত ডায়ুন থানাৰ অন্তৰ্গত ইনাওৰ খুমচাইত থকা অইল ইণ্ডিয়াৰ ইপিএচত যোগদান কৰিছিল ।
পিচদিনা অৰ্থাৎ ৬ এপ্ৰিলত পুৱা প্ৰায় ৮ বজাত স্থানীয় খুমচাইৰ ৰমেশ গগৈ নামৰ লোকজনে লগত ৮/১০ জনীয়া এটা যুৱকৰ দল লৈ চাকৰি লাভ কৰা যুৱক-যুৱতীসকলক 'অসমৰ ল'ৰাই কেনেকৈ অৰুণাচলত চাকৰি পাব, আমাৰ লোকেল ল'ৰা বহুত আছে' আদি বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰি সকলোকে চাকৰি এৰি যাবলৈ ভাবুকি প্ৰদান কৰে ।
ইয়াৰ লগে লগে গুণ্ডা প্ৰকৃতিৰ ৰমেশ গগৈয়ে এগৰাকী চুপাৰভাইজাৰ আৰু চাকৰি লাভ কৰা জয়া পেগু আৰু প্ৰিয়ংকা সোণোৱাল নামৰ যুৱতী দুগৰাকীৰ শাৰিৰীকভাৱে প্ৰহাৰ কৰাৰ সমান্তৰালভাৱে সকলোকে প্ৰাণে মৰাৰ ভাবুকি দিয়ে। তদুপৰি তেওঁলোকে ব্যৱহাৰ কৰা কোঠাসমূহত গগৈ আৰু তেওঁৰ সহযোগীকেইজনে তলা মাৰি দিয়ে ।
হাতত চোকা অস্ত্ৰ লৈ অহা দলটোৱে চাকৰি যোগদান কৰিবলৈ হ'লে প্ৰত্যকে ২ লাখকৈ টকা আদায় দিলেহে চাকৰি কৰিব পাৰিব বুলি দাবী-হুমকি দিয়ে । দলটোৰ ৰুদ্ৰমূৰ্তি দেখি কেওজন চাকৰি প্ৰাৰ্থীয়ে টালি-টোপোলা এৰি ই পি এচৰ পৰা পলাবলৈ বাধ্য হয় ।
উল্লেখ্য যে, ঘটনাৰ সন্দৰ্ভত ৮ এপ্ৰিলত ভুক্তভোগীসকলে ৰমেশ গগৈৰ বিৰুদ্ধে ডায়ুন থানাত এক এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে গোচৰ ৰুজু কৰা কিম্বা ৰমেশ গগৈক আটক কৰাৰ পৰা বিৰত থাকে । এনে প্ৰেক্ষাপটত ১৭ এপ্ৰিলত লেকাং চাৰ্কোলৰ কেইবাটাও যুৱ-ছাত্ৰ সংগঠনে নামচাইৰ জিলা উপায়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰে।
অভিযোগ অনুসৰি স্মাৰক-পত্ৰ কৰাৰ পাছতো কোনো ফল নধৰাত তথা চাকৰি প্ৰাৰ্থীকেইগৰাকীয়ে কৰ্মত যোগদান কৰাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহন নকৰাত আজি অল লেকাং য়ুথ এণ্ড ষ্টুডেন্ট ইউনিয়ন, লেকাং আমছু, ডায়ুন য়ুথ এণ্ড ষ্টুডেন্ট ইউনিয়ন, অল অৰুণাচল প্ৰদেশ সোণোৱাল কছাৰী ষ্টুডেন্ট ইউনিয়ন, অল লেকাং এৰীয়া য়ুথ এচোচিয়েচন আদি কেইবাটাও লেকাং চাৰ্কোলৰ স্থানীয় সংগঠনে চাকৰি প্ৰাৰ্থীকেইগৰাকীৰ সমৰ্থনত ডিৰাক গে'টত অৱস্থান কৰি ৰমেশ গগৈক গ্ৰেপ্তাৰৰ দাবী তোলাৰ লগতে ডায়ুন থানাৰ অ' চিক চাকৰিৰ পৰা নিলম্বন আৰু চাকৰি প্ৰাৰ্থীসকলক কামত যোগদান আৰু নিৰাপত্তা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ।
অৱশেষত অৱৰোধস্থলীত নামচাই জিলা প্ৰশাসনৰ বিষয়-ববীয়া আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত ডায়ুন থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৫০৬/৩৪ ধাৰাৰ বিপৰীতে ০১/২০২৩ নম্বৰত এক গোচৰ ৰুজু হোৱা বুলি জানিবলৈ দিয়ে। লগতে ৰমেশ গগৈক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদকাৰীসকলে অৱৰোধ উঠাই লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/adba79d4-be3d-40d0-aab5-54c216030354/db0a9499_8cdb_471b_8401_346071aa42ba.jpg)
Also Read: তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহুৰ সাংস্কৃতিক শোভাযাত্ৰাত লোকে লোকাৰণ্য