তিতাবৰত আদিবাসী মহিলা সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

তিতাবৰত আদিবাসী মহিলা সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
তিতাবৰত আদিবাসী মহিলা সমিতি  আৰু আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,তিতাবৰঃ তিতাবৰ লেটেকুজানত আদিবাসী মহিলা সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ।চাহ বাগিছাৰ শ্ৰমিক আৰু ফেক্ট্ৰৰি সমূহত কৰ্মৰত শ্ৰমিকৰ সুৰক্ষা প্ৰদানৰ দাবীত এই প্ৰতিবাদ ।

Advertisment

চাহ ফেক্টৰি সমুহত কোনো সুৰক্ষাৰ ব্যৱস্থা নথকাৰ বাবে মইনা নায়কৰ দৰে ঘটনা সংঘনাই চাহ ফেক্টৰি সমূহত সংঘটিত হৈ আহিছে বুলি কয়। অসম চাহ মজদুৰ সংঘৰ লগতে সংশ্লিষ্ট বিভাগ তথা চৰকাৰে কোনো ব্যৱস্থা নকৰাত জাঙুৰ খাই উঠিছে সংগঠন দুটা ।

বৃহস্পতিবাৰে পুৱাই সদৌ আদিবাসী মহিলা সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাই শ্ৰমিকৰ সহযোগত শ্ৰমিকৰ সুৰক্ষা প্ৰদান আৰু টাইৰুণ চাহ ফেক্টৰিৰ চি টি চি মেচিনত ভৰি সোমাই গুৰুতৰ ভাবে আঘাত পোৱা ভাস্কৰ মাহান্তিৰ উন্নত চিকিৎসা আৰু ক্ষতিপূৰণৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদ কাৰী সকলে চাহ মজদুৰ সংঘ গ' বেক , চাহ মজদুৰ সংঘ কাম ,চাহ শ্ৰমিকক সুৰক্ষা প্ৰদান কৰক ,ভাস্কৰ মাহান্তিক উন্নত চিকিৎসাৰ লগতে ক্ষতিপূৰণ দিয়ক আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

যদিহে শ্ৰমিক সকলৰ সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ তথা চৰকাৰ আৰু অসম চাহ মজদুৰ সংঘই কোনো ব্যৱস্থা নকৰে তেতিয়া আগন্তুক দিনত বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ।

Also Read: ' চন্দ্ৰত ভাৰতৰ খোজ': লেণ্ডাৰ বিক্ৰমৰ পৰা নামি আহিল ৰোভাৰ প্ৰজ্ঞান

protest