পুনৰ বিতৰ্কত তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱা

পুনৰ বিতৰ্কত তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱা। এইবাৰ অমৃত কলহ কাৰ্যসূচীত অংশ লৈ বিতৰ্কত বিধায়ক গৰাকী।

author-image
Asomiya Pratidin
New Update
পুনৰ বিতৰ্কত তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱা

ডিজিটেল সংবাদ, তিতাবৰঃ পুনৰ বিতৰ্কত তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱা। এইবাৰ অমৃত কলহ কাৰ্যসূচীত অংশ লৈ বিতৰ্কত বিধায়ক গৰাকী।

Advertisment

নামচুঙী গাওঁ পঞ্চায়তত মঙলবাৰে অনুষ্ঠিত অমৃত কলহ কাৰ্যসূচীত অংশ লোৱাক কেন্দ্ৰ কৰি তীব্ৰ চৰ্চা হোৱা পৰিলক্ষিত হয়। পূৰ্বতেও বিধায়ক গৰাকীৰ বহু বিতৰ্কিত কৰ্মকাণ্ডই বিপাঙত পেলাইছিল কংগ্ৰেছ দলটোক।

কংগ্ৰেছে বিৰোধী কাৰ্যকালাপ কৰি থকাৰ বাবে এনে কাণ্ডই কংগ্ৰেছ ভিতৰচ'ৰাত জোকাৰণিৰ সৃষ্টি কৰিছে। কংগ্ৰেছৰ বিধায়ক সকলক এই কাৰ্যসূচীত অংশ গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো বিধায়ক গৰাকীয়ে অংশ লোৱাত জোকাৰণিৰ সৃষ্টি কৰিছে কংগ্ৰছ মহলত।

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে জানিবলৈ দিয়া মতে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু উত্তৰ অভয়াপুৰীৰ কংগ্ৰেছী বিধায়ক আব্দুল বাতান খণ্ডকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীলে পত্ৰ লিখিছে অসম প্ৰদেশ কংগ্ৰেছে।

Also Read: এক অসম যাত্ৰাঃ চৰাইদেউত উপস্থিত অসম জাতীয় পৰিষদৰ নেতৃত্ব...