/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/860086ae-2e7f-4e69-9bac-9cdbad10cb24/lurin_03.jpg)
এক অসম যাত্ৰাঃ চৰাইদেউত উপস্থিত অসম জাতীয় পৰিষদৰ নেতৃত্ব...
ডিজিটেল সংবাদ চৰাইদেউঃ মঙলবাৰে সন্ধিয়া চৰাইদেউ মথুৰাপুৰত উপস্থিত হয় অসম জাতীয় পৰিষদৰ নেতৃত্বত ৷ নিশটো ইয়াতে পাৰ কৰি সমন্বয়ৰ বাৰ্তাৰে বুধবাৰে এই দলটোৱে চৰাইদেউৰ পৰা পুনৰ আৰম্ভ কৰিব 'এক অসম যাত্ৰা' কাৰ্য্যসূচী।
বুধবাৰে পুৱা ঐতিহাসিক চৰাইদেউ মৈদামৰ পৰা আৰম্ভ হ’ব দলটোৰ 'এক অসম যাত্ৰা'। চৰাইদেউত উপস্থিত হোৱা অজাপৰ এই দলটোত আছে সভাপতি লুৰিণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা, দুলু আহমেদসহ শীৰ্ষ নেতৃত্ব ৷
বুধবাৰে চৰাইদেউৰ পৰা দলটো গৈ পোনে পোনে ডিব্ৰুগড়ত উপস্থিত হ'বগৈ। আৰু ডিব্ৰুগড়ৰ পৰা ৫ অক্টোবৰত আকৌ যাত্ৰা আৰম্ভ কৰিব।
Also Read: ৪ টাকৈ ভূমিকম্পই জোকাৰি গ'ল নেপালঃ প্ৰভাৱ পৰিল ভাৰততো...