তিতাবৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৰেগিঙৰ নামত চলিল মাৰপিট…

তিতাবৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৰেগিঙৰ নামত চলিল মাৰপিট…

author-image
asomiyapratidin
New Update
তিতাবৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৰেগিঙৰ নামত চলিল মাৰপিট…

ডিজিটেল সংবাদ, বেকাজান :  তিতাবৰৰ জৱাহৰ নবোদয় বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰই ৰেগিংৰ নামত কণিষ্ঠ ছাত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাবে আহত কৰা এক ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । ভুক্তভোগী শিক্ষাৰ্থীসকলৰ অভিভাৱকে অভিযোগ কৰামতে যোৱা ৩ আগষ্টৰ এই মাৰপিটৰ ঘটনাত হোষ্টেলৰ কেইবাজনো ছাত্ৰ আহত হৈ নিজ গৃহত আশ্ৰয় ল'ব লগা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনত শনিবাৰে অভিভাৱক সভা অনুষ্ঠিত হোৱাত সভাত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হোৱাৰ পাছতহে এই ৰেগিংৰ ঘটনা পোহৰলৈ আহে ।

Advertisment

এই সন্দৰ্ভত আহত ছাত্ৰসকলৰ অভিভাৱকে জানিব দিয়া মতে বিদ্যালয়খনৰ হোষ্টেলত একাদশ শ্ৰেণীৰ ছাত্ৰই বিনা কাৰণত বিভিন্ন সময়ত নৱম শ্ৰেণীৰ ছাত্ৰসকলক মাৰপিট কৰি আহিছে । যোৱা ৩ আগষ্টৰ দিনা নিশা প্ৰায় তিনি বজাত নৱম শ্ৰেণীৰ ছাত্ৰসকলক বাথৰূমত ভৰাই একাদশ শ্ৰেণীৰ ছাত্ৰৰ কাপোৰ ধুবলৈ দি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে । একাংশ জ্যেষ্ঠ ছাত্ৰই পেন্টৰ বেল্ট খুলি প্রহাৰ কৰাত কেইবাজনো ছাত্ৰৰ কাণ আৰু নাকত গুৰুতৰ ভাবে আহত হয় ।

দুগৰাকী ছাত্ৰই জানিব দিয়া মতে হোষ্টেলৰ একাদশ শ্ৰেণীৰ ছাত্ৰই ইয়াৰ আগতে বিভিন্ন কাম কৰিবলৈ দি কনিষ্ঠ ছাত্ৰক প্ৰহাৰ কৰি আহিছে । বিশেষকৈ ভাত আনিব দিয়া,  কাপোৰ ধুব দিয়া এই কামবোৰ কনিষ্ঠ ছাত্ৰক কৰিব দিয়ে । যদিহে ছাত্ৰজনে নকৰে তেন্তে ছাত্ৰজনক প্ৰহাৰ কৰে । নৱম শ্ৰেণীৰ ছাত্ৰ কেইজন গুৰুতৰ ভাবে আহত হোৱাত অভিভাৱক সকল বিদ্যালয়ত উপস্থিত হৈ নিজ নিজ গৃহলৈ সন্তানক নি চিকিৎসা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় । যোৱা তিনি আগষ্টৰ এই ঘটনাকলৈ শনিবাৰে বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু অভিভাৱক সকলৰ মাজত এখন সভা অনুষ্ঠিত হয় ।

সভাত অভিভাৱক সকলে একাদশ শ্ৰেণীৰ অপৰাধী ছাত্ৰ সকলক কঠোৰ শাস্তি দিয়াৰ দাবীত সভা গৃহত উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় । এই ঘটনাৰ সন্দৰ্ভত মতামত জানিব বিচৰাত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শান্তিলাল টেলিয়ে কয় যে যোৱা ২০ জুলাইৰ পৰা পাঠদান আৰম্ভ হৈছে । হোষ্টেলত যি ঘটনা সংঘটিত হৈছে এয়া সম্পূৰ্ণ তদন্ত কৰা হ'ব । আৰু তদন্তত যি দোষী প্ৰমাণিত হয় তেনে ছাত্ৰৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। আৰু অনাগত সময়ত এনে ঘটনা পুনৰ সংঘটিত হ'ব দিয়া নহ'ব বুলি ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীয়ে জানিব দিয়ে । উল্লেখযোগ্য যে তিতাবৰ জবাহৰ নবোদয় বিদ্যালয়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা ছাত্ৰ ছাত্ৰী আহি অধ্যয়ন কৰে,   সম্প্ৰতি এই ঘটনাকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ হৈছে । অভিভাৱকসকলে দোষী ছাত্ৰক   বহিস্কাৰ কৰিবলৈ দাবী জনাইছে ।

আৰু পঢ়ক : উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গননা :  প্ৰাৰম্ভিক পৰ্যায়তে দুগুনতকৈও অধিক ভোটত আগবাঢ়িল এন.ডি.এৰ প্ৰাৰ্থী…

assam Assam police himanta biswa sarma bjp