বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ স্থিতিক লৈ পুনৰ ব্লক কংগ্ৰেছত ক্ষোভৰ জোৱাৰ...

নিশা যোৰহাটত মুখ্যমন্ত্ৰী সৈতে পদযাত্ৰা
বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ স্থিতিক লৈ পুনৰ ব্লক কংগ্ৰেছত ক্ষোভৰ জোৱাৰ...

ডিজিটেল সংবাদ, বেকাজান : তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই সময়ে সময়ে নিজৰ চোং সলাই শাসকীয় দলৰ সৈতে চলাই থকা গোপন তথা ৰহস্যময় সম্পৰ্কৰ বাবে আজি পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে । বিধায়কজনৰ বৰ্তমানৰ স্থিতিক লৈ খোদ কংগ্ৰেছৰ ভিতৰত চৰাত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি পৰিলক্ষিত হৈছে ।

বহুৰূপী বৰুৱাই সময় আৰু সুযোগ মিলাই প্ৰায়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট আৰু গোলাঘাটৰ চৰকাৰী কাৰ্যসূচী অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে । বিধায়ক বৰুৱাৰ এই কাৰ্যত তিতাবৰ কংগ্ৰেছীসকল মুঠেই সন্তুষ্ট নহয় । তদুপৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সময়ে সময়ে কবিতা ৰচি তথা আবৃত্তি কৰি সমালোচনা কৰা ভূপেন বৰাৰ নেতৃত্বাধীন কংগ্ৰেছ দলৰ তিতাবৰৰ ভাস্কৰজ্যোতি বৰুৱাৰ এনে দলীয় আদৰ্শ বিৰোধী কাৰ্যত চৰম অস্বস্তিত পৰিব লগা হৈছে সমগ্ৰ দলটি ।

সেয়ে আজি সামাজিক মাধ্যমত যোৰহাট জিলাৰ কংগ্ৰেছৰ সম্পাদক আছিক ইকবাল হাজৰিকাই ভাস্কৰ বৰুৱাৰ দলবিৰোধী কাৰ্য ৰাজহুৱাকৈ প্ৰকাশ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে কংগ্ৰেছ দলৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, সভাপতি ভূপেন বৰা, বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়া আৰু সাংসদ গৌৰৱ গগৈ আৰু ৰাণা গোস্বামীলৈ অভিযোগ প্ৰেৰণ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়টো দৃষ্টিগোচৰ কৰে ।

অভিযোগ অনুসৰি বিগত ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ তিতাবৰৰ বিধায়কজনে বিজেপিৰ পক্ষত ক্ৰচ ভোট কৰা বুলি যোৰহাট জিলাৰ সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছিল। কিন্তু শুক্ৰবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ দলীয় সতীৰ্থ বিধায়ক ৰূপজ্যোতি কুৰ্মী, দলীয় বিষয় ববীয়া আৰু বিজেপি যুৱ মৰ্চা কৰ্মীসকলৰ লগত যোৰহাটৰ ৰাজপথত নৈশ পদযাত্ৰা কৰা কাৰ্যসূচীত শদিয়াত কংগ্ৰেছ দলৰ ভাৰত জোড়ো যাত্ৰা সমাপন কৰি আহিয়েই তিতাবৰৰ কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱাই একলগে মুখ্যমন্ত্ৰীজনক সংগ দিয়া ঘটনাই প্ৰমাণিত কৰিছে যে তেখেতৰ বিৰুদ্ধে উঠা অভিযোগটো সত্য আছিল।

এতিয়া কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব বুলি । আনহাতে, পূৰ্বে উত্থাপিত এনে অভিযোগ সমূহ সমূলি নাকচ কৰি অহা বিধায়ক গৰাকীৰ বৰ্তমান স্থিতিও হ'ব লক্ষণীয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in