কাকপথাৰত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ মৃত্যু : গুৰুতৰভাৱে আহত এজন

কাকপথাৰত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ মৃত্যু : গুৰুতৰভাৱে আহত এজন

বিভাগীয় তদন্তৰ নিৰ্দেশ জিলা আয়ুক্তৰ

ডিজিটেল সংবাদ,তিনিচুকীয়াঃ তিনিচুকীয়াত হস্তী-মানুহৰ সংঘাতে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে । এই সংঘাতৰ ফলত বিভিন্নজনে অকালতে প্ৰাণ হেৰুৱাইছে । ৰাজ্য চৰকাৰৰ লগতে বন বিভাগৰ হেমাহিৰ ফলত ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহ দিনক দিনে ধ্বংসৰ মুখলৈ গতি কৰাৰ বাবেই বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ ঘটা বন্যহস্তীয়ে মানুহক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।

ইয়াৰ মাজতে মঙলবাৰে পুৱা এটা অকলশৰীয়া বন্যহস্তীয়ে তাণ্ডৱ চলাই তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত। বন্যহস্তীটোৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা । অন্যহাতে আন এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'ব লগা হয় ।

প্ৰাপ্ত তথ্য অনুসৰি কাকপথাৰ অঞ্চলৰ ওপৰ উৱন গাঁৱৰ বাসিন্দা ৰূপম সন্দিকৈৰ ঘৰত আন দিনৰ দৰে আজি পুৱাতে কাম কৰিবলৈ ওলাই গৈছিল গাঁওখনৰে ৰঘূনাথ কোঁৱৰৰ পত্নী সুশীলা কোঁৱৰ (৫১) । তিনি সন্তানৰ মাতৃগৰাকীয়ে সন্দিকৈৰ ঘৰৰ চোতাল সাৰি থকাৰ সময়তে এটা প্ৰকাণ্ড উন্মাদ হাতীয়ে সুশীলাক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰমী হাতীটো কাষৰে ওবন গাঁৱত প্ৰৱেশ কৰে ।

গুৰুতৰভাৱে আহত সুশীলা কোঁৱৰক ততাতৈয়াকে কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও কিছু সময়ৰ পিছতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ঘটনাস্থলীত বন বিভাগৰ লগতে আৰক্ষীৰ লোক উপস্থিত হৈ সুশীলাৰ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

আনফালে ওবন গাঁৱত প্ৰৱেশ ঘটা হাতীটোৱে পৰৱৰ্তী সময়ত গাঁৱখনৰ নৰেশ্বৰ ডাঙৰীয়াৰ পত্নী অঞ্জু ডাঙৰীয়া (৪৮)ক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে । অঞ্জু ডাঙৰীয়াই দমকলত গা ধুই থাকোতে হাতীটো উক্ত স্থানত উপস্থিত হয় আৰু অঞ্জুক আক্ৰমণ কৰাৰ লগতে দমকলটো উভালি দূৰলৈ দলিয়াই পঠিয়াই ।

অঞ্জু ডাঙৰীয়া সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । তেওঁৰ অৱস্থা সংকতজনক বুলি জানিব পৰা গৈছে । পিছলৈ আৰক্ষী আৰু বন বিভাগৰ লোকে হাতীটো খেদি নিকটৱৰ্তী কাছিজান সংৰক্ষিত বনাঞ্চলত সোমাবলৈ বাধ্য কৰে যদিও সম্প্ৰতি হাতীটোৱে বনাঞ্চল এৰি নিকটৱৰ্তী কুমচাং চাহ বাগিচাত প্ৰৱেশ কৰিছে ।

ইয়াকে কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইফালে একাংশ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে কুমচাং সংৰক্ষিৰ বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে গন্ধৈগুৰি হাঁহখাটি হৈ মাইথং, পানীগাঁও, লাজুমগাঁও আদি অতিক্ৰমী ওপৰ উৱন গাঁৱত প্ৰৱেশ কৰিছিল । হাতীটো বনৰীয়া নে ঘৰচীয়া সেয়া এতিয়াও পোহৰলৈ অহা নাই ।

উল্লেখ্য যে অঞ্চলটোৰ ঘৰচীয়া হাতীসমূহ ইয়াৰ গৰাকীয়ে স্থানীয় বনাঞ্চলত এৰি দিয়াৰ ফলত বন্যহস্তীৰ সংস্পৰ্শলৈ আহি বনৰীয়া আচৰণ কৰা বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ । তেনেস্থলত হাতীটো ঘৰচীয়া নে বনৰীয়া সেয়া বন বিভাগৰ তদন্তত পোহৰলৈ আহিব ।

আন একাংশই দাবী কৰা অনুসৰি সমীপৱৰ্তী মেছাকী সংৰক্ষিত বনাঞ্চলত কিছুদিনৰ পৰা প্ৰায় ৩০ টা হাতী বিচৰণ কৰি আছে । অকলশৰীয়াকৈ বিচৰণ কৰা এই হাতীটো উক্ত দলটোৰ পৰা আঁতৰি জনাঞ্চলত প্ৰৱেশ কৰা বুলি সম্ভাৱনা ব্যক্ত কৰিছে ।

আনফালে এই দুৰ্ঘটনাৰ এক বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে জিলা আয়ুক্ত স্বপ্নীল পালে । তেওঁ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালে যাতে অনতিবিলম্বে ক্ষতিপূৰণ লাভ কৰে তাৰবাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডুমডুমা ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিয়া বুলি জানিবলৈ দিছে ।

কাকপথাৰত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ মৃত্যু : গুৰুতৰভাৱে আহত এজন
নগাঁও চহৰত মন্ত্ৰী পীযুষ হাজৰীকাৰ বিশাল ৰোড শ্ব’

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in