/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/701552c2-1222-4d39-9924-24bc1a7c0b7d/101.jpg)
ডিজিটেল সংবাদ, নগাঁও : মঙ্গলবাৰে নগাঁৱত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। নগাঁও চহৰৰ মাজেৰে উলিওৱা এই ৰোড শ্ব’ত অংশ ল’বলৈ দলে-বলে কেইবা সহস্ৰাধিক লোক ওলাই অহা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/260130c2-a4a8-4290-b82d-f2679d6d2495/439213475_960052582242504_7417031622603656136_n.jpg)
দলৰ নেতা-কৰ্মী তথা সমৰ্থকসকলে বিজেপিৰ জয়ধ্বনি দি ৰেলী বাহিৰ কৰে । এই ৰোড শ্ব’ত মন্ত্ৰী পীযুষ হাজৰীকাক সংগ দিয়ে বিধায়ক ৰূপক শৰ্মাৰ লগতে প্ৰাৰ্থী সুৰেশ বৰাই। মন্ত্ৰীগৰাকীয়ে কয় যে সুৰেশ বৰাৰ জয় নিশ্চিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b71161e3-cb01-4036-bf2f-a7913650853b/439086869_960052768909152_4910935805510468942_n.jpg)
আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক কটাক্ষ কৰি কয়- টেঙা আম দুবাৰ বেছিব নোৱাৰে । প্ৰদ্যুৎ বৰদলৈ টেঙা আম । অকৰ্মন্য সাংসদ প্ৰদ্যুৎ বৰদলৈ । নগাঁৱৰ কাৰণে একো কাম নকৰা অকৰ্মন্য সাংসদ প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ ৰাইজে ভোট নিদিয়ে । লগতে পীযুষ হাজৰীকাৰ সুৰতে সুৰ মিলাই বিধায়ক ৰূপক শৰ্মাইও সুৰেশ বৰাৰ জয় নিশ্চিত বুলি কয় ৷
Also Read: শিমলুগুৰি পি এছ পি এল স্কীল কেন্দ্ৰত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান