উন্নয়নৰ পক্ষে থাকিব আহোম জনগোষ্ঠীৰ ভোটাৰ,সংবাদমেলযোগে জনালে এই কথা...

উন্নয়নৰ পক্ষে থাকিব আহোম জনগোষ্ঠীৰ ভোটাৰ,সংবাদমেলযোগে জনালে এই কথা...

author-image
Asomiya Pratidin
New Update
উন্নয়নৰ পক্ষে থাকিব আহোম জনগোষ্ঠীৰ ভোটাৰ,সংবাদমেলযোগে জনালে এই কথা...

ডিজিটেল সংবাদ,তিনিচুকীয়া : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শুকুৰবাৰে সদৌ অসম আহোম সভাই এখন সংবাদমেলৰ আয়োজন কৰি উন্নয়নৰ পক্ষত তেঁওলোকৰ ভোটাৰ থকাৰ কথা উল্লেখ কৰে ৷ সংবাদমেলযোগে সংগঠনটোৱে ৰাজনৈতিক দলসমূহক উদ্দেশ্যি কেতবোৰ দাবী তোলে।

Advertisment

ইয়াৰ ভিতৰত আহোম জনগোষ্ঠীক জনজাতিকৰণ নকৰাপৰ্যন্ত স্বায়ত্ত শাসন প্ৰদান কৰা, তিনিচুকীয়াত চুকাফা বিশ্ববিদ্যালয়, আহোমৰ পৌৰাণিক কৃতিচিহ্ন সংৰক্ষণ আৰু শোভাবৰ্ধনৰ লগতে উন্নয়নৰ বাবে ১৬ এপ্ৰিলৰ ভিতৰত আহোম জনগোষ্ঠীৰ আশ্বস্ত হ'ব পৰাকৈ সকলো ৰাজনৈতিক দলক স্থিতি ষ্পষ্ট কৰিবলৈ দাবী জনায় ৷

আহোম জনগোষ্ঠীৰ ৰাইজৰ উন্নয়ন কিছু হোৱাৰ বিপৰীতে আধৰুৱা কাম বহুত আছে সেইসমূহ উন্নয়ন কৰা দলৰ প্ৰাৰ্থীকহে আহোম জনগোষ্ঠীয়ে গুৰুত্ব দিব ৷ লগতে প্ৰাৰ্থীজন আহোম হ'লেই নহ'ব আহোমৰ কাৰণে প্ৰকৃতাৰ্থত কাম কৰা প্ৰাৰ্থীকহে গুৰুত্ব দিব আহোম জনগোষ্ঠীয়ে ৷

লোকসভা নিৰ্বাচনত আহোম জনগোষ্ঠীৰ ৰাইজক উন্নয়নৰ স্বাৰ্থত থাকিবলৈ আহোম সভাই আহ্বান জনায়।

Also Read: ৰঙিয়া শংকৰদেৱ শিশু নিকেতনত ৰঙালী বিহু উদযাপন

ahom pressmeet voters