ৰঙিয়া শংকৰদেৱ শিশু নিকেতনত ৰঙালী বিহু উদযাপন

ৰঙিয়া শংকৰদেৱ শিশু নিকেতনত ৰঙালী বিহু উদযাপন

ডিজিটেল সংবাদ,ৰঙিয়া : চাওঁতে চাওঁতে আহি পালে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু । শনিবাৰে গৰু বিহু যদিও বিহুৰ প্ৰাকক্ষণত ৰঙিয়াত অনুষ্ঠিত হৈছে প্ৰাক্ ৰঙালী বিহু ।

চহৰখনৰ গড়কাস্থিত শংকৰদেৱ শিশু নিকেতন প্ৰাংগনত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয় । পুৱা ৯ বজাত বিহুৰ পতাকা উত্তোলন কৰে নিকেতনৰ প্ৰধানচাৰ্য দিলীপ কুমাৰ লহকৰে ।

ইয়াৰ পাছতে ভাৰত মাতাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে নিকেতনৰ উপ প্ৰধানাচাৰ্য ভদ্ৰেশ্বৰ শৰ্মাই । নিকেতনৰ আচাৰ্য আৰু শিক্ষাৰ্থীসকলৰ জৰিয়তে সমবেত সংগীত পৰিবেশনেৰে আৰম্ভ হোৱা ৰঙালী বিহুৰ কাৰ্যসূচী অনুসৰি দিনৰ ১১-০০ বজাত নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰে ।

উল্লেখ্য যে এই বিহু উপলক্ষে অনুষ্ঠিত হোৱা প্ৰাংগনত নিকেতনৰ আচাৰ্য আচাৰ্যাসকলৰ উপৰিও অভিভাৱকসকলে পৰম্পৰাগত বিহু নৃত্য প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় । শেষত বন্দে মাতৰম পৰিৱেশনেৰে ৰঙালী বিহু কাৰ্যসূচীৰ সামৰণি পৰে ।

ৰঙিয়া শংকৰদেৱ শিশু নিকেতনত ৰঙালী বিহু উদযাপন
পণ্ডিতঘাটত অমৰছিং তিছ'ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে তুলিৰাম ৰংহাঙে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in